মহানগৰ গুৱাহাটী ষ্টেচনত যাত্রীৰ ফোন কাঢ়ি নিয়া যুৱকক গ্রেপ্তাৰ By নিয়মীয়া বাৰ্তা On Jun 6, 2020 Share নিয়মীয়া বাৰ্তা, ৬ জুনঃ গুৱাহাটী ৰে’ল ষ্টেচনত শুকুৰবাৰে উজনিমুৱা এখন বিশেষ শ্রমিক ৰে’লৰ যাত্রীৰ পৰা ম’বাইল ফোন কাঢ়ি নিয়া ঘটনা সংক্রান্তত আৰ পি এফৰ অপৰাধ চোৰাংচোৱা শাখাই এজন যুৱকক গ্রেপ্তাৰ কৰে৷ আৰ পি এফৰ সূত্রই জনোৱা মতে, শুকুৰবাৰে পুৱা ৮.৫০ বজাত উজনিমুৱা বিশেষ শ্রমিক ৰে’লগাড়ীখনত অহা মণিপুৰৰ লাও আর্হিমাশ্বি নামৰ মহিলা যাত্রীগৰাকীৰ ন’কিয়া ৫.১ প্লাছ ম’বাইল ফোনটো এজন যুৱকে কাঢ়ি নিয়ে৷ গুৱাহাটী ষ্টেচনত ৰে’লখন মন্থৰ গতিত আহি থকা সময়ত খিৰিকীৰে হাত সুমুৱাই যাত্রীগৰাকীৰ ম’বাইল ফোনটো কাঢ়ি নিয়ে৷ ঘটনা সন্দর্ভত যাত্রীগৰাকীয়ে আৰ পি এফক অভিযোগ দিয়াত অপৰাধ চোৰাংচোৱা শাখাই অনুসন্ধান চলাই মহানগৰীৰ লাখটকীয়াৰ ২নং গেটৰ পৰা সুকন দাস নামৰ যুৱকজনক আটক কৰি সোধা–পোছা কৰাত ঘটনাটো তেৱেঁই সংঘটিত কৰা বুলি স্বীকাৰ কৰে৷ অপৰাধ চোৰাংচোৱা শাখাই যুৱকজনৰ পৰা ম’বাইলটো উদ্ধাৰ কৰে৷ ঘটনা সংক্রান্তত আৰ পি এফে ভাৰতীয় দণ্ডবিধিৰ ৩৮০ ধাৰাত ৪৬/২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰি সুকন দাসক গ্রেপ্তাৰ কৰে৷ Share