নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ষ্টেচনত ২৬ লাখ টকাৰ চোৰাং সোণৰ বিস্কুটসহ এজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ আন্তঃৰাষ্ট্রীয় সোণ সৰবৰাহকাৰী চক্রই ন ন কৌশলেৰে চোৰাং সোণৰ সৰবৰাহ অব্যাহত ৰাখিছে ৷ শুকুৰবাৰে পুনৰ গুৱাহাটী ষ্টেচনত ৰে’ল আৰক্ষীয়ে চোৰাং সোণসহ এজন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ চৰকাৰী ৰে’ল আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত ত্রিপুৰা সুন্দৰী এক্সপ্রেছৰ কোচ নম্বৰ এ–২ৰ ২০নং ছীটত বহি অহা প্রহ্লাদ কুমাৰ দাস নামৰ লোকজনৰ পৰা ১২ টুকুৰা সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয় ৷ ৰে’ল আৰক্ষীয়ে জব্দ কৰা সোণখিনিৰ ওজন প্রায় ৬৯৯ গ্রাম ৷ সোণখিনিৰ বজাৰ মূল্য প্রায় ২৬ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ উল্লেখ্য যে বৃহস্পতিবাৰে চৰকাৰী ৰে’ল আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত ৩২০ ৰাউণ্ড সক্রিয় গুলীসহ এজন লোকক গ্রেপ্তাৰ কৰিছিল ৷

You might also like