নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত অঘটন: শ্মশানত পিতৃৰ মুখাগ্নি কৰি অগ্নিদগ্ধ তিনি পুত্র

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ প্রাগজ্যোতিষপুৰ থানাৰ অন্তর্গত চন্দ্রপুৰৰ হাজোৱৰীত  সংঘটিত হয় এক ভয়ংকৰ ঘটনা৷ শ্মশানত মৃত পিতৃৰ চিতাত মুখাগ্ণি কৰি থকা অৱস্থাত অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হয় তিনি পুত্রৰ লগতে বহুকেইগৰাকী শ্মশানলৈ যোৱা লোক৷ লোকসকল সামান্যভাৱে আহত হোৱাৰ লগতে অগ্ণিদগ্ধ তিনি পুত্রৰ কিছু গুৰুতৰ বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে হাজোৱীৰ তথা চন্দ্রপুৰৰ এগৰাকী সৰবৰহী ব্যক্তি তথা সমাজকর্মী যদুমণি ভঞ্জুৰ বার্ধক্যজনিত কাৰণত নিশা পৰলোক হয়৷ কিন্তু নিশাৰ বিপৰীতে আজি পুৱাৰ ভাগত শ্মশানলৈ দাহৰ বাবে নিয়ে সমাজকর্মীগৰাকীক৷ পুৱা ধাৰাসাৰ বৰষুণৰ বাবে দাহ ব্যৱস্থাত বাধা হোৱাৰ আশংকাত কেইবাটাও গেলনত পেট্র’ল আৰু কেৰাচিন লগত নিছিল শ্মশানলৈ যোৱা লোকসকলে৷ পিতৃৰ মৃতদেহ চিতাত উঠাই দিয়াৰ পিছত বৈদিক ৰীতিমতে তিনি পুত্র ক্রমে দুলাল ভঞ্জু, গোপাল ভঞ্জু আৰু দিলীপ ভঞ্জুয়ে মুখাগ্ণি কৰে৷ তেনে সময়তে চিতাৰ কাষতে অসাৱধানবশতভাৱে ৰাখি থোৱা পেট্র’লৰ গেলনত অগ্নিসংযোগ হয়৷ লগে লগে বিস্ফোৰণ ঘটে পেট্র’লৰ গেলনটো আৰু জুইৰ লেলিহান শিকাই চিতাৰ সমীপতে থকা তিনি পুত্রক জুয়ে আৱৰি ধৰে৷

আকস্মিকভাৱে হোৱা ঘটনাটোত কিংকর্তব্যবিমূঢ় হৈ পৰা লোকসকলে জুয়ে আৱৰি ধৰা তিনি ভাতৃক কোনোমতে অগ্নিদগ্ধ হৈ থকাৰ পৰা উদ্ধাৰ কৰে যদিও তিনি ভাতৃৰ শৰীৰৰ বিভিন্ন অংশত বেয়াকৈ অগ্নিদগ্ধ হয়৷ লগে লগে উপস্থিত ৰাইজে তিনিওকে চিকিৎসালয়লৈ প্রেৰণ কৰে৷ শেহতীয়া খবৰ মতে, দুলাল আৰু গোপালৰ অৱস্থা কিছু গুৰুতৰ বাবে হাস্পতালত ভর্তি হৈ আছে আৰু ভাতৃ দিলীপ ভঞ্জুক চিকিৎসা প্রদানৰ অন্তত ঘৰলৈ ওভতাই পঠিয়াইছে চিকিৎসকে৷ আনহাতে শ্মশানত উপস্থিত বহুকেইজন সামান্য পৰিমাণে অগ্ণিদগ্ধ হৈছিল যদিও স্থানীয়ভাৱে প্রাথমিক চিকিৎসা কৰিয়ে ঘৰলৈ যাবলৈ দিয়ে৷ এই ভয়ংকৰ ঘটনাটোৱে চাঞ্চল্য সৃষ্টি কৰিছে সমগ্র চন্দ্রপুৰ অঞ্চলত৷

You might also like