চন্দ্রপুৰত ট্রেকাৰচালকে পদপথত আৰম্ভ কৰিছে পাচলিৰ ব্যৱসায়
নিয়মীয়া বাৰ্তা, ২০ মেঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে বলৱৎ কৰা লকডাউনৰ ফলত সলনি হৈছে বহুজনৰ জীৱনশৈলী৷ বহুজনে সলনি কৰিছে জীৱিকাৰ পথ৷ জীৱন–জীৱিকাৰ পথ সলনি কৰিবলৈ বাধ্য হৈছে চন্দ্রপুৰৰ ট্রেকাৰচালকসকলে৷ লকডাউনৰ ফলত বন্ধ হৈ আছে ব্যৱসায়িক যান–বাহনৰ চলাচল৷ যাৰ বাবে ট্রেকাৰ চলাই জীৱন নির্বাহ কৰা চালকসকলে জীৱিকাৰ পথ সলনি কৰি পদপথত বহি বিক্রী কৰিছে পাচলি৷ কিন্তু কিয় এওঁলোকে সলনি কৰিবলগীয়া হৈছে তেওঁলোকৰ জীৱনশৈলী৷
উল্লেখ্য যে লকডাউনৰ পূর্বে মহানগৰীৰ চন্দ্রপুৰ অঞ্চলৰ পৰা চন্দ্রপুৰ–নাৰেংগী ঘাইপথেৰে নিতৌ অর্ধশতাধিক ট্রেকাৰে চলাচল কৰিছিল মহানগৰীলৈ৷ মালিকপক্ষৰ সৈতে হোৱা নির্দিষ্ট আর্থিক চুক্তি বা বুজাবুজিৰ ভিত্তিত এই অর্ধশতাধিক ট্রেকাৰচালকে ট্রেকাৰ চলাই পৰিয়াল পোহপাল দিছিল৷ কিন্তু যোৱা ২৪ মার্চৰ পৰা লকডাউনৰ ফলত সমগ্র ৰাজ্যৰ লগতে চন্দ্রপুৰৰ এই ট্রেকাৰ চলাই পৰিয়াল পোহপাল দিয়া চালকসকললৈ নামি আহিছে ঘোৰ অমানিশা৷ সম্প্রতি এই ট্রেকাৰচালকৰ একাংশই বিশেষকৈ চন্দ্রপুৰ–নাৰেংগী ট্রেকাৰ লাইনৰ অশোক, লাকী, প্রণয় আদিয়ে পদপথৰ দাঁতিত শাক–পাচলি বিক্রী কৰা পৰিলক্ষিত হৈছে৷ এইক্ষেত্রত তেওঁলোকৰ লগত কথা–বতৰা পতাত জানিব পৰা গৈছে যে যিহেতু তেওঁলোক চালক, গতিকে এওঁলোকে ক’তো দিন হাজিৰা কৰিবলৈ যাব নোৱাৰে আৰু লকডাউনৰ এই সময়ছোৱাত দিন হাজিৰা কৰাৰো কোনো ঠাই নাই৷ গতিকে তেওঁলোকে পদপথতে এনেদৰে শাক–পাচলিৰ ক্ষুদ্র ব্যৱসায় আৰম্ভ কৰিছে৷ কিন্তু এই ক্ষুদ্র ব্যৱসায়তো তেওঁলোক সন্মুখীন হৈছে প্রত্যাহ্বানৰ৷
কিয়নো, তেওঁলোকৰ নাই কোনো মূলধন৷ যাৰ বাবে অন্য ব্যক্তিৰ পৰা ধাৰলৈ অলপ অলপকৈ শাক–পাচলি ক্রয় কৰি আৰম্ভ কৰিছে এই ক্ষুদ্র ব্যৱসায়৷ যদিও আশা কৰা ধৰণে এওঁলোক লাভৱান হোৱা নাই, তথাপি অলপ অলপকৈ হ’লেও পৰিয়ালটো পোহপাল দিয়াৰ চেষ্টা কৰিছে৷ তেওঁলোকৰ আশা, অচিৰেই আহিব ভাল দিন৷