চন্দ্ৰপুৰত হাতীৰ গচকত প্ৰাণ গ’ল মহিলাৰ
নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ পানবাৰীত অঘটন। হাতীৰ গচকত প্ৰাণ গ’ল এগৰাকী মহিলাৰ। ঘৰলৈ যোৱাৰ পথতেই হাতীৰ সৈতে মুখামুখি হয় মহিলাগৰাকী। মৃত মহিলাগৰাকীৰ নাম মহিলা বংজাং বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনে অঞ্চলটোত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে কিন্তু বন বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ। আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পিছতো বন বিভাগৰ কোনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰো অভিযোগ তুলিছে একাংশ ৰাইজে।