নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলমগ্ন বৰঝাৰ বিমান বন্দৰ চৌহদ

নিয়মীয়া বাৰ্তা, ৩০জুনঃ বিগত দিনকেইটাত হৈ থকা নেৰানেপেৰা বৰষুণৰ বােব জলমগ্ন হৈ পৰিছে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ চৌহদ৷ বৰষুণৰ পানীয়ে বিমানবন্দৰৰ চৌহদত থকা কাৰ পার্কিঙটো প্রায় বুৰাই পেলোৱাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বােব যোৱা ২৪ মার্চৰ নিশাৰ পৰা বিমানৰ চলাচল বন্ধ হৈ আছিল৷ ইয়াৰ পিছত চৰকাৰী বিভিন্ন নীতি–নিয়মৰ মাজেৰে যোৱা ২৫ মে’ৰ পৰা পুনৰ বিমানৰ চলাচল আৰম্ভ হয়৷ বৰঝাৰ বিমান বন্দৰত দৈনিক প্রায় পঁচিশখন বিমান অৱতৰণ কৰাৰ লগতে সমসংখ্যক বিমানে দেশৰ বিভিন্ন ৰাজ্যলৈ যাত্রা কৰে৷ বৰঝাৰ বিমান বন্দৰত যাত্রী থ’লৈ দৈনিক বহু যান–বাহন আহে৷ তদুপৰি বিমানৰে অহা যাত্রীসকলক কোৱাৰেণ্টাইন কেন্দ্র বা নিজ নিজ জিলালৈ অনা–নিয়া কৰাৰ বােব পৰ্বিহণ বিভাগৰ বহু সৰু–বৰ বাহন বিমানবন্দৰৰ পার্কিঙত ৰখাই থোৱা হয়৷ সমান্তৰালভাৱে বিমানবন্দৰত যাত্রীৰ স্বাস্থ্য পৰীক্ষা, নথি–পত্র পৰীক্ষাকে ধৰি বিভিন্ন দায়িত্বত নিয়োজিত িবষয়া–কর্মচাৰীস বাহনসমূহো পার্কিঙত ৰখোৱা হয়৷ কিন্তু যোৱানিশাৰে পৰা পার্কিং চৌহদটো জলমগ্ণ হৈ পৰাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মন কৰ্বিলগীয়া যে বিমানবন্দৰ চৌহদৰ পৰা পানী ওলাই যোৱা পথসমূহ বন্ধ হৈ পৰাত এজাক বৰষুণতে চৌহদটো জলমগ্ণ হৈ পৰে৷ বিমানবন্দৰ কর্তৃপক্ষ বা জিলা প্রশাসনে এই গুৰুত্বপূর্ণ বিষয়টোত বছৰ বছৰ ধৰি গুৰুত্ব আৰোপ নকৰা বােবই বিমান বন্দৰলৈ অহা–যোৱা কৰা যাত্রীসকলে অযথা জীয়াতু ভোগ কৰ্বি লগা হৈছে৷

You might also like