নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতিটোক জীয়াই ৰাখিব জাতীয় দায়বদ্ধ প্রজন্মইহে

অসম জাতীয় বিদ্যালয়ৰ প্রতিষ্ঠা দিৱসত ডাঃ নাৰায়ণ শর্মা

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত বুধবাৰে বিদ্যালয়ৰ সপ্তবিংশতিতম প্রতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ অধ্যক্ষ ঘনশ্যাম মেধিয়ে বিদ্যালয়ৰ পতাকা উত্তোলনেৰে প্রতিষ্ঠা দিৱসৰ কার্যসূচীৰ শুভাৰম্ভ কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট শিল্পী–সাহিত্যিক ৰত্ন ওজাৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি এক মিনিট সময় মৌন প্রার্থনা কৰা হয় ৷ এই অনুষ্ঠানতে বিদ্যালয়ৰ নৱাগত শিক্ষার্থীসকলক একোপাহি ফুলেৰে বিদ্যালয়লৈ আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় ৷ লগতে বুধবাৰে দিনটোত জন্মদিন থকা বিদ্যালয়ৰ শিক্ষার্থীসকলক জন্মদিনৰ শুভেচ্ছা পত্র প্রদান কৰে বিদ্যালয়ৰ শৈক্ষিক বিষয়া নৰেন্দ্র মোহন গোস্বামীয়ে ৷ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অভিনেতা, শিল্পী তপন দাস ৷ বিশিষ্ট অভিনেতাগৰাকীয়ে ভাষণ প্রসংগত অসমীয়া ভাষা, কলা–সংস্কৃতিৰ বিভিন্ন দিশত দেখা দিয়া সংকটসমূহ আঁতৰ কৰি বাট দেখুওৱাৰ গুৰু দায়িত্ব জাতীয় বিদ্যালয়ে ল’ব লাগিব বুলি উল্লেখ কৰে ৷ অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সচিব ডাঃ নাৰায়ণ শর্মাই শুভেচ্ছামূলক ভাষণ প্রদান কৰি জাতীয় দায়বদ্ধতাসম্পন্ন এটা প্রজন্মইহে আমাৰ ভাষা–সংস্কৃতিৰ লগতে জাতিটোক জীয়াই ৰাখিব পাৰিব বুলি মন্তব্য কৰে৷ অনুষ্ঠানত বিদ্যালয়ৰ ৰেক্টৰ ৰঞ্জিত নাৰায়ণ ডেকাই শুভেচ্ছামূলক বক্তব্য প্রদান কৰে ৷ অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় বিদ্যালয়ৰ উপাধ্যক্ষ ৰবীন্দ্র বর্মনে ।

You might also like