নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত অবৈধ পার্কিং–দোকান উচ্ছেদৰ দাবীত ডিআইজিক স্মাৰক–পত্র নাগৰিক সমিতিৰ

ন্যায়ালয়ৰ নির্দেশনাৰ পিছতো গা লৰা নাই আৰক্ষী–পৌৰ নিগমৰ

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ গুৱাহাটী মহানগৰীৰ অন্যতম ব্যস্ত অঞ্চল হিচাপে পৰিচিত জালুকবাৰী অঞ্চলৰ বিশৃংখল পৰিৱেশে সর্বসাধাৰণ ৰাইজক জীয়াতু ভোগাই অহাৰ লগতে সৌন্দর্যও বিনষ্ট কৰি পেলাইছে৷ উল্লেখ্য যে উত্তৰ–পূবৰ দুৱাৰমুখ হিচাপে পৰিচিত জালুকবাৰীত ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়, অসম অভিযান্ত্রিক মহাবিদ্যালয়, চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয় হাস্পতাল, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা সমাধিক্ষেত্র, কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়, পঞ্চতাৰকা হোটেলকে ধৰি বিভিন্ন চৰকাৰী–বেচৰকাৰী অনুষ্ঠান–প্রতিষ্ঠান গঢ় লৈ উঠাত অঞ্চলটোৰ গুৰুত্ব বৃদ্ধি পাইছে৷ মূল পথৰ দাঁতিতে থকা বিশ্ববৰেণ্য শিল্পী তথা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ শেষ শয়নৰ ঠিকনা সমাধিক্ষেত্রলৈ দৈনিক অগণন লোকৰ সমাৱেশ ঘটে৷ কিন্তু সমাধিক্ষেত্রৰ দাঁতিতে যাত্রীবাহী বাহনৰ অবৈধ আস্থান গঢ়ি উঠাৰ লগতে অস্থায়ী দোকান–পোহাৰসমূহৰ্ বাবে সমগ্র পৰিৱেশটো দৃষ্টিকটু হৈ পৰাৰ লগতে সমাধিক্ষেত্রলৈ অহা লোকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগাত পৰে৷ তদুপৰি জালুকবাৰীত উৰণীয়া সেতু স্থাপন হোৱাৰ পিছত জালুকবাৰী অঞ্চলৰ পৰিৱেশ দৃষ্টিনন্দন হৈ পৰে৷ কিন্তু উৰণীয়া সেতুৰ ওপৰে–তলে কেইবাটাও অবৈধ যাত্রীবাহী বাহনৰ আস্থান গঢ় লৈ উঠাত অন্য বাহনৰ চলাচল বাধাগ্রস্ত হৈ পৰাৰ লগতে দৈনিক যান–জঁটৰ সৃষ্টি হয়৷ মন কৰিবলগীয়া যে জালুকবাৰীৰ সমাধিক্ষেত্রৰ দাঁতিৰ আৰু উৰণীয়া সেতুৰ তলে–ওপৰে গঢ়ি উঠা অবৈধ যাত্রীবাহী বাহনৰ আস্থান আৰু দোকান–পোহাৰসমূহ উচ্ছেদ কৰিবলৈ যোৱা ৭ জানুৱাৰীত মহানগৰ আৰক্ষী আৰু গুৱাহাটী পৌৰ নিগমক গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নির্দেশ দিছিল৷ তদুপৰি সমাধিক্ষেত্রৰ সৌন্দর্য আৰু পৰিৱেশ অক্ষুণ্ণ ৰখাৰ বাবে সমাধিক্ষেত্রৰ সমীপৰ পথ দুটাত প্রশাসনে ‘ন’ পার্কিং জ’ন’ হিচাপে ঘোষণা কৰিছিল৷ ন্যায়ালয়ৰ নির্দেশৰ পিছতো সমাধিক্ষেত্রৰ সমীপত আৰু উৰণীয়া সেতুৰ তলে–ওপৰে যাত্রীবাহী বাহানৰ আস্থান আৰু পথৰ দাঁতিৰ অস্থায়ী দোকান–পোহাৰ, বজাৰ আদি বর্তমানেও চলি থকা ঘটনাই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ বিশেষকৈ জালুকবাৰী আৰক্ষী চকীৰ যান–বাহন শাখাৰ নির্লিপ্ত ভূমিকাই সমগ্র বিষয়টো ৰহস্যঘন কৰি তুলিছে৷ যাৰ বাবে এই সন্দর্ভত শীঘ্রে কার্যকৰী ব্যৱস্থা গ্রহণ কৰিবলৈ জালুকবাৰী কেন্দ্রীয় নাগৰিক সমিতিয়ে অসম আৰক্ষীৰ ডি আই জি নিতুল গগৈক ২৬ ফেব্রুৱাৰীত এখন স্মাৰক–পত্র প্রদান কৰে৷

You might also like