জালুকবাৰীত ক্রেন চুৰিঃ ধৃত ১
নিয়মীয়া বাৰ্তা ৯ জুনঃ জালুকবাৰী থানাৰ সন্মুখৰ পৰাই আৰক্ষীৰ ক্রেন এখন কালি নিশা চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্রাপ্ত তথ্য মতে আৰক্ষীয়ে দুর্ঘটনাগ্রস্ত বাহন বা পথত বেয়া হোৱা বাহন আদি টানি অনা কামত ব্যৱহাৰ কৰা এ এছ ১৩ চি–৫০১৯ নম্বৰৰ ক্রেনখন সদায় জালুকবাৰী থানাৰ সমীপতে ৰখাই থোৱা থাকে৷ কালি নিশাৰ ভাগত ক্রেনখন থানাৰ সন্মুখৰ পৰাই চুৰি হয়৷
আৰক্ষীয়ে লগে লগে বিচাৰ–খোঁচাৰ আৰম্ভ কৰে আৰু গড়চুকৰ পৰা ক্রেনখন উদ্ধাৰ কৰাৰ লগতে এটা চোৰক আটক কৰে৷ ধৃত চোৰটো বিজয় নগৰৰ ৰতন পাটগিৰি বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে অধিক তদন্তৰ বাবে চোৰটোক সোধ–পোছ অব্যাহত ৰাখিছে৷