নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীৰ ৰাজপথত অবৈধ পার্কিং

ন্যায়ালয়ৰ নির্দেশৰ পাছতো নির্বিকাৰ যান–বাহন আৰক্ষী

নিয়মীয়া বাৰ্তা, ২ফেব্ৰুৱাৰীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নির্দেশৰ পাছতো উত্তৰ–পূবৰ দুৱাৰমুখ হিচাপে পৰিচিত জালুকবাৰী ৰটাৰী পইণ্টৰ যান–বাহনৰ অবৈধ পার্কিং আৰু পদপথৰ দাঁতিত দোকান–পোহাৰ চলি থকা ঘটনাই স্বাভাৱিকতে সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়াৰ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ৭ জানুৱাৰীত এক নির্দেশযোগে জালুকবাৰী ৰটাৰী পইণ্ট, উৰণীয়া সেতুত যান–বাহনৰ আস্থান বা যান–বাহন ৰখাই যাত্রী উঠা–নমা কৰা ব্যৱস্থা বন্ধ কৰিবলৈ নির্দেশ দিছিল৷ একেটা নির্দেশতে অকর্তৃত্বশীলভাৱে পথৰ দাঁতিৰ ভেণ্ডৰসমূহকো উচ্ছেদ কৰিবলৈ দিছিল৷ কিন্তু আজি প্রায় এমাহ অতিক্রম কৰাৰ পাছতো সলনি হোৱা নাই জালুকবাৰীৰ পৰিৱেশ৷ জালুকবাৰীত য’তেই মন যায় তাতেই চিটীবাছ, মেজিক, টেম্প’ আদিকে ধৰি যাত্রীবাহী বাহন ৰখাই যাত্রী উঠা–নমা কৰি থাকে৷

                      সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্রৰ সমীপতে থকা মূল পথৰ দাঁতিত দূৰণিবটীয়া যাত্রীবাহী বাছসমূহ ঘণ্টাৰ পাছত ঘণ্টা ৰখাই থোৱাৰ ফলত পথটোৰে অন্য বাহনৰ চলাচল বাধাগ্রস্ত হৈ পৰিছে৷ ইয়াৰ ফলত সমাধিক্ষেত্রৰ সৌন্দর্য ম্লান হোৱাৰ লগতে পৰিৱেশো দূষিত হৈ পৰিছে৷ তদুপৰি জালুকবাৰীৰ উত্তৰ দিশে পদপথ আৰু মূলপথৰ আধালৈকে আৱৰি বিয়লিৰ পৰা নিশালৈ বহা মাছ আৰু পাচলিৰ বজাৰখনে সমগ্র জালুকবাৰীৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে যান–বাহনৰ স্বাভাৱিক যাতায়াত ব্যাহত কৰি পেলাইছে৷ মন কৰিবলগীয়া যে জালুকবাৰী আৰক্ষী চকী যান–বাহন আৰক্ষীয়ে পুৱাৰে পৰা নিশালৈকে জালুকবাৰীৰ উৰণীয়া সেতু আৰু ৰটাৰী পইণ্টত কর্তব্য সমাপন কৰি থাকে৷ কিন্তু নিষেধাজ্ঞাৰ পাছতো বাহন পার্কিঁ কৰি যাত্রী উঠা–নমা কৰা কার্য বন্ধ নকৰাটো সাধাৰণ নাগৰিকৰ বাবে নুবুজা সাঁথৰ হৈ পৰিছে৷ আনহাতে, পৌৰ নিগম কর্তৃপক্ষয়ো অবৈধভাৱে চলি থকা মাছ আৰু পাচলিৰ বজাৰৰ লগতে অস্থায়ী দোকান–পোহাৰসমূহ উচ্ছেদৰ বাবে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷

You might also like