নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ মহানগৰীৰ গণেশগুৰিৰ কছাৰীবস্তিত এটা বাসগৃহত প্রকাণ্ড নাহৰফুটুকী প্রৱেশ কৰাত অঞ্চলজুৰি তীব্র আতংকৰ সৃষ্টি হয়৷ কছাৰীবস্তিৰ এজন লোকৰ বাসগৃহত প্রৱেশ কৰা নাহৰফুটুকীটো সুদীর্ঘ আঠ ঘণ্টাৰ মূৰত বন বিভাগৰ লোকে উদ্ধাৰ কৰি ৰাজ্যিক চিৰিয়াখানালৈ প্রেৰণ কৰে৷ প্রাপ্ত খবৰ মতে অঞ্চলটোত গুণজ্যোতি বড়ো নামৰ লোকজনৰ বাসগৃহত নাহৰফুটুকীটো প্রৱেশ কৰে৷
ইয়াৰ পিছত কৌশলেৰে পৰিয়ালৰ লোকে কোঠালিটো বাহিৰৰ পৰা বন্ধ কৰি বন বিভাগক খবৰ দিয়ে৷ পিছত গুৱাহাটী বন সংমণ্ডলৰ বিষয়া–কর্মচাৰীসহ অসম ৰাজ্যিক চিৰিয়াখানাৰ এটা দলে বাসগৃহটোত উপস্থিত হৈ নাহৰফুটুকীটো উদ্ধাৰ কৰিবলৈ প্রচেষ্টা চলায়৷ বন বিভাগৰ দলটোৱে প্রায় ৮ ঘণ্টাৰ মূৰত নাহৰফুটুকীটো ট্রেংকুলাইজ কৰি ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা বুলি জানিব পৰা গৈছে।