নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি দিনৰ বাবে বন্ধ যান–বাহনৰ চলাচল

শৰাইঘাটৰ দুখলপীয়া দলঙৰ মেৰামতিৰ কাম আৰম্ভ

নিয়মীয়া বার্তা ১ মেঃ শৰাইঘাট দলং হিচাপে পৰিচিত ব্রহ্মপুত্রৰ ওপৰত নির্মিত প্রথমখন দুখলপীয়া দলঙৰ মেৰামতিৰ কাম শুকুৰবাৰে পুৱাৰে পৰা আৰম্ভ কৰা হৈছে৷ মেৰামতিৰ বাবে পুৰণি শৰাইঘাট দলঙেৰে তিনি দিনৰ বাবে যান–বাহনৰ চলাচল বন্ধ থাকিব৷ দলংখনৰ মেৰামতিৰ দায়িত্বত থকা উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ জনসম্পর্কৰক্ষী বিষয়া নৃপেন ভট্টাচার্যই জানিবলৈ দিয়া মতে, বিগত বর্ষৰ জুন মাহত দলংখনৰ যান–বাহন চলাচল কৰা পথটো মেৰামতি কৰা হৈছিল৷ কিন্তু বিগত সময়ছোৱাত দলংখনৰ কংক্রিটৰ তৰপটোৰ ঠাই বিশেষে এৰাই যোৱা বাবে তাৰ সাধাৰণ মেৰামতিৰ প্রয়োজন হৈছে৷ লকডাউনৰ বাবে যান–বাহনৰ সংখ্যা বহুখিনি হ্রাস পোৱাৰ সুযোগতে ৰে’লৱে কর্তৃপক্ষই তিনি দিনৰ ভিতৰত সাধাৰণ মেৰামতিৰ কামখিনি সম্পূর্ণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ মেৰামতিৰ বাবে নিয়োজিত কৰা হৈছে ৩০জনকৈ শ্রমিক৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য সুৰক্ষা বিষয়া এম কে আগৰৱাল, উপ–মুখ্য সুৰক্ষা বিষয়া প্রদীপ কুমাৰ হীৰা, অতিৰিক্ত মাণ্ডলিক ৰে’লৱে প্রবন্ধক হৰি সিংসহ কেইবাগৰাকী বিষয়া–ভিযন্তাই দলংখনৰ মেৰামতিৰ কার্যৰ তদাৰক কৰে৷ ৪ মে’ৰ পুৱা দলংখন যান–বাহন চলাচলৰ বাবে মুকলি কৰা হ’ব৷

You might also like