নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্রিনয়ন নগৰত ভূ–মাফিয়াই জ্বলালে বাসগৃহ

নিয়মীয়া বার্তা, ১৯ মার্চঃ নুনমাটিৰ ত্রিনয়ন নগৰত মঙলবাৰে নিশা এটা দুর্বৃত্তৰ দলে এজন লোকৰ বাসগৃহ জ্বলাই দিয়াৰ ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ত্রিনয়ন নগৰৰ বাসিন্দা অমৰ দাসৰ ঘৰত নিশা ৬জনীয়া এটা দুর্বৃত্তৰ দলে প্রৱেশ কৰি অগ্নি সংযোগ কৰে ৷ ফলত দাসৰ বাসগৃহ সম্পূর্ণৰূপে ভস্মীভূত হয় ৷ ভুক্তভোগী দাসে জানিবলৈ দিয়া মতে ভূ–মাফিয়াই দাসৰ মাটিখিনি দখল কৰাৰ বাবেই এনেদৰে বাসগৃহটো জ্বলাই দিয়ে ৷ ঘটনা সন্দর্ভত নুনমাটি থানাত ভুক্তভোগী দাসে এজাহাৰ দাখিল কৰে ৷

You might also like