দুর্নীতি নিৰীক্ষণ–নিবাৰণ সঞ্চালকালয়ৰ আৱাসিক ভৱনৰ আধাৰশিলা স্থাপন
নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গুৱাহাটীৰ শ্রীমন্তপুৰত দুর্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ চাৰিমহলীয়া আৱাসিক ভৱন নির্মাণৰ আধাৰশিলা স্থাপন কৰে৷ এই আৱাসিক চৌহদৰ নির্মাণ সম্পূর্ণ হৈ উঠিলে সঞ্চালকালয়ৰ বিষয়া–কর্মচাৰীসক সম্পূর্ণ এক নতুন পৰিৱেশত কাম কৰাৰ সুবিধা লাভ কৰিব৷ উল্লেখ্য যে ৰাজ্যিক স্ব–গ্রাধিকাৰডন্নয়্ পুঁজিৰ অধীনত প্রায় ৫.৮৭ কোটি টকা ব্যয়েৰে নির্মাণ কৰিবলগীয়া চাৰিমহলীয়া এই আৱাসিক ভৱনত উপ–আৰক্ষী অধীক্ষক তথা পৰিদর্শকসকলৰ বাবে ১৬টা আৱাসৰ ব্যৱস্থা থাকিব৷ অসম আৰক্ষী গৃহ নির্মাণ পৰিষদে এই ভৱন অহা এবছৰৰ ভিতৰত নির্মাণ কৰি ডলিয়াব৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে জনগণে নিৰাপত্তাহীনতাত ভোগা প্রতিটো মূহূর্ততে অসম আৰক্ষীয়ে নিজকে জনতাৰ বিপদৰ বন্বুূৰূপে প্রতিপন্ন কৰি ৰাইজৰ জীৱন–সম্পত্তিৰ নিৰাপত্তা প্রদান কৰি আহিছে৷ এটা সময়ত ৰাজ্যৰ আৰক্ষী থানাসমূহৰ আন্তঃগাঁথনি অতি জৰাজীর্ণ আছিল৷ কিন্তু তাৰ মাজতো তেওঁলোকে জনসাধাৰণৰ সেৱাৰ ক্ষেত্রত কোনা ত্রুটি কৰা নাছিল৷ প্রতিকূল পৰিৱেশতো সহিষুতা আৰু একাগ্রতাৰে জনতালৈ সেৱা আগবঢ়াব পৰাটোৱেই হৈছে অসম আৰক্ষীৰ আটাইতকৈ ডাঙৰ শক্তি৷ অসম চৰকাৰে মৈত্রী আঁচনিৰ অধীনত থানাসমূহৰ আন্তঃগাঁথনি ডন্নীতকৰণৰ বাবে গ্রহণ কৰা দৃঢ় পদক্ষেপে আজি ৰাজ্যৰ অধিকাংশ থানাকে ষ্টাৰযুক্ত হোটেলৰ স্তৰলৈ ডন্নীত কৰিছে৷ অৱশ্যে আৰক্ষীৰ লোকসকলৰ বাবে পর্যাপ্ত বেৰেক নির্মাণকে ধৰি আন কেতবোৰ দিশত এতিয়াও বহুখিনি কৰণীয় আছে আৰু সেই কামো ৰাজ্য চৰকাৰে পর্যায়ক্রমে হাতত লৈছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ বিগত দিনসমূহত অতি কম সময়ৰ ভিতৰতে অসম আৰক্ষীয়ে বহুসংখ্যক অপৰাধমূলক গোচৰৰ দ্রুত অনুসন্ধান সফলতাৰে সম্পূর্ণ কৰি দেশৰ ভিতৰতে সুনাম আর্জিবলৈ সক্ষম হৈছে৷ দুর্নীতিৰ বিৰুদ্ধে যুঁজত বর্তমান অসম আৰক্ষীয়ে যি চমকপ্রদ সাফল্য অর্জন কৰিছে৷ দুর্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাৰ আৰক্ষী অধীক্ষক মুজিবুৰ ৰহমানে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান (আইন–শৃংখলা) তথা দুর্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাৰ সঞ্চালক জিপি সিঙেও ভাষণ প্রদান কৰে৷ অনুষ্ঠানত গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নিৰজ বার্মা, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তকে প্রমুখ্যে কৰি অসম আৰক্ষীৰ শীর্ষস্থানীয় বিষয়াসকল আৰু তেওঁলোকৰ পৰিয়ালবর্গ উপস্থিত থাকে৷