নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাপুৰত তিনি মাহে বন্ধ কোঠাতে থাকিল চৰকাৰী ধানৰ বীজ

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ আজাৰা ৰাজহ চক্রৰ অন্তর্গত ধাৰাপুৰ কৃষি উন্নয়ন বিষয়াৰ কার্যালয়ত কৃষকৰ বাবে চৰকাৰে প্রদান কৰা শালি ধানৰ বীজ বিতৰণ নকৰি বিগত তিনি মাহে তলাবন্ধ কোঠাত পেলাই ৰখা ঘটনাই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ একাংশ কৃষকে জানিবলৈ দিয়া মতে, ৰাজ্য চৰকাৰৰ কৃষি বিভাগে কৃষকৰ মাজত বিতৰণৰ বাবে ধাৰাপুৰ কৃষি উন্নয়ন বিষয়া কার্যালয়ক প্রায় তিনি মাহ পূর্বে সাত কুইণ্টল শালি ধানৰ বীজ প্রদান কৰে ৷ কিন্তু কার্যালয়টোৰ বিষয়া–কর্মচাৰীসক সেই বীজ কৃষকৰ মাজত বিতৰণ কৰাৰ সলনি কার্যালয়ৰ ভিতৰত তলা মাৰি সোমাই থৈ দিছে ৷ উল্লেখ্য যে বৃহত্তৰ ধাৰাপুৰ কৃষি উন্নয়ন বিষয়া কার্যালয়ৰ অন্তর্গত খানামুখ, হাওৰাপাৰ, জানৰপাৰ, ৰাজাবাহৰ, জংগৰাবড়ী, বৰিপাৰা, ধাৰাপুৰ মাজৰ বাহৰ, কোচপাৰা, ধোপৰতল আদিত প্রায় পাঁচ হাজাৰ পঞ্জীয়নভুক্ত কৃষক আছে৷ কাজেই চৰকাৰে প্রদান কৰা শালি ধানৰ বীজ লাভ নকৰাত কৃষকসকলে কঠীয়া সিঁচিব পৰা নাই ৷ এইক্ষেত্রত কৃষি বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষক শীঘ্রে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ কৃষকসকলে দাবী জনাইছে ৷

You might also like