নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগীত ৪০ হকাৰক খাদ্য সামগ্রী বিতৰণ

নিয়মীয়া বার্তা, ৩ মে’ : লকডাউনৰ সময়ছোৱাত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বাতৰিকাকতৰ হকাৰসকলে নিজৰ কর্তব্য পালন কৰি আহিছে ৷ বাতৰিকাকতৰ হকাৰসকলৰ আর্থিকভাৱে অৱস্থাৰ প্রতি লক্ষ্য ৰাখি পূব গুৱাহাটী প্রেছ ক্লাবৰ উদ্যোগত শনিবাৰে নাৰেংগীৰ ‘তপন এজেঞ্চী’ নামৰ বাতৰিকাকত বিতৰণ প্রতিষ্ঠানটোৰ ৪০জন হকাৰক খাদ্য সামগ্রী আৰু একোখনকৈ মাস্ক প্রদান কৰে ৷ নাৰেংগীৰ স্বৰস্বতী ডাল একাডেমীৰ কার্যালয়ত আয়োজন কৰা খাদ্য সামগ্রী বিতৰণ অনুষ্ঠানত পূব গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি চামচুল ৰহমান আৰু সাধাৰণ সম্পাদক মনোজ ডেকা, ‘তপন এজেঞ্চী’ৰ স্বত্বাধিকাৰী সুভাষ ডেকা প্রমুখ্যে প্রেছ ক্লাবৰ আন সদস্যসকলে বাতৰিকাকতৰ হকাৰসকলক চাউল, দাইল, তেল, আলু, নিমখ, চয়াবিন, চাবোন, বিস্কুটকে আদি কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ একোটাকৈ টোপোলা বিতৰণ কৰে ৷ ইয়াৰ পূর্বে ‘তপন এজেঞ্চী’ৰ স্বত্বাধিকাৰী সুভাষ ডেকাক এখন ফুলাম গামোচাৰে সম্বর্ধনা জনোৱাৰ লগতে হেণ্ড ছেনিটাইজাৰ প্রদান কৰা হয়৷ অনুষ্ঠানটোত প্রেছ ক্লাবটোৰ কার্যকৰী সভাপতি গকুল তালুকদাৰ, অজয় বর্মন, জয়ন্ত দাস, অনুপ বৈশ্য আৰু পল শীল উপস্থিত আছিল ৷

You might also like