নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰাৰ পানী খায়ে জীৱন ধাৰণ কৰে তালতলাবাসীয়ে

স্বাধীনতাৰ ৭৩ বছৰ পিছতো উন্নয়ন নহ’ল বীৰকুছিৰ

নিয়মীয়া বাৰ্তা,৩০ ডিচেম্বৰঃ স্বাধীনতাৰ ৭৩ বছৰৰ পিছতো চৰকাৰী উন্নয়নমূলক আঁচনিয়ে ঢুকি পোৱা নাই বীৰকুছিৰ তালতলা অঞ্চলবাসীক ৷ গ্রামাঞ্চলতো দূৰৰে কথা, ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পৰা মাত্র কেইকিলোমিটাৰমান দূৰত্বত থকা তালতলাবাসীয়ে বছৰৰ পিছত বছৰ ধৰি উন্নয়নৰ মুখ দেখাতো দূৰৰে কথা, এটুপি বিশুদ্ধ খোৱাপানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈ আহিছে ৷ ৰাজ্যৰ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগে প্রতিবছৰে শ শ কোটি টকা ব্যয়েৰে বিশুদ্ধ খোৱাপানী যোগানৰ আঁচনি গ্রহণ কৰিছে যদিও বঞ্চিত হৈ আছে তালতলাবাসী ৷ অঞ্চলটোত বসবাস কৰা ২ শতাধিক পৰিয়ালে নিজৰাৰ পানী খায়ে জীৱন–যাপন কৰিবলগীয়া হৈছে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে অঞ্চলটোত বসবাস কৰা লোকসকলে ১০০ৰ পৰা ৫০০ মিটাৰ দূৰলৈ নিজৰাৰ পৰা পাইপৰ সহায়ত পানী সংগ্রহ কৰি আহিছে ৷

দিছপুৰ বিধানসভা সমষ্টিৰ অন্তর্গত এই বৃহত্তৰ অঞ্চলটোৰ লোকসকলে বছৰৰ পিছত বছৰ ধৰি নিজৰাৰ পানী সেৱন কৰি আহিছে ৷ বছৰৰ পিছত বছৰ ধৰি তালতলা অঞ্চলত বসবাস কৰা লোকসকলে নিজৰাৰ পানী সেৱন কৰি অহাৰ ফলত বিভিন্ন ৰোগত আক্রান্ত হৈছে ৷ অঞ্চলবাসীয়ে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাকে ধৰি বিভাগীয় কর্তৃপক্ষক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে লিখিত আৰু মৌখিকভাৱে আবেদন জনাই অহাৰ পিছতো এইক্ষেত্রত বিধায়কগৰাকীয়ে আজিলৈকে কোনো ব্যৱস্থা গ্রহণ কৰা নাই ৷ অঞ্চলটোত বসবাস কৰা লোকসকলে স্বাধীনতাৰ ৭৩ বছৰৰ পিছতো কেৱল বিশুদ্ধ খোৱাপানীয়েই নহয়, যাতায়াতকে ধৰি ন্যূনতম সা–সুবিধা পোৱাৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে ৷

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি নির্বাচনৰ প্রাকমুহূর্তত জনপ্রতিনিধি আৰু নেতা–পালিনেতাই অঞ্চলটোত ভোট বিচাৰি সমস্যাসমূহ সমাধানৰ প্রতিশ্রুতি দি আহিছে যদিও নির্বাচনত জয়ী হৈ বিগত ৭৩টা বছৰে প্রতিজন জনপ্রতিনিধিয়ে অঞ্চলবাসীৰ সমস্যাসমূহ সমাধানৰ বাবে ফলপ্রসূ আঁচনি গ্রহণ কৰা নাই ৷ সেয়েহে অঞ্চলবাসীৰ সমস্যাসমূহ সমাধানৰ বাবে শীঘ্রেই আঁচনি গ্রহণ কৰি কার্যক্ষেত্রত পৰিণত কৰিবলৈ চৰকাৰ, জনপ্রতিনিধি আৰু বিভাগীয় কর্তৃপক্ষক দাবী জনাইছে ৷ অন্যথা অঞ্চলবাসীয়ে পৰৱর্তী সময়ত চৰকাৰবিৰোধী যিকোনো ধৰণৰ প্রতিবাদী কার্যসূচী গ্রহণ কৰিলে ইয়াৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলি হুংকাৰ দিয়ে ৷

You might also like