নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱবৰ্ষৰ আনন্দঃ বাৰ–ৰেষ্টুৰেণ্টলৈ প্ৰশাসনৰ গুৰুত্বপূর্ণ নির্দেশনা

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ সমাগত নৱবর্ষ ৷ ৩১ ডিচেম্বৰৰ নিশা উদযাপন কৰাৰ বাবে গুৱাহাটী মহানগৰবাসী সাজু হৈছে ৷ সাজু কৰি তোলা হৈছে বিভিন্ন হোটেল, ৰেষ্টুৰেণ্ট আৰু বাৰসমূহ ৷ ৩১ ডিচেম্বৰৰ পূর্বে গুৱাহাটী মহানগৰীৰ বাৰ–ৰেস্তোৰাঁসমূহলৈ কিছু নির্দেশনা জাৰি কৰিছে মহানগৰ জিলা প্রশাসনে ৷ ইতিমধ্যে ৩১ ডিচেম্বৰ আৰু নৱবর্ষ পালনৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে ৷ সম্প্রতি জিলা প্রশাসনে তদাৰকী শাখা, পৰিবহণ বিভাগ, আৰক্ষী বিভাগক লৈ যুটীয়াভাৱে এটা স্কোৱাড টীম গঠন কৰিব বুলিও জনায় ৷ আনহাতে সুৰাপান কৰি যান–বাহন চলোৱাৰ ওপৰত নজৰ ৰখাৰ বাবে পৰিবহণ বিভাগক এটা দল গঠনৰ বাবেও নির্দেশ দিয়া হৈছে ৷ এই স্কোৱাডসমূহে নিৰীক্ষণ কৰিব প্রতিটো দিশ ৷ আনহাতে বাৰ–ৰেষ্টুৰেণ্টৰ ক্ষেত্রতো কঠোৰ হ’ব জিলা প্রশাসন ৷ পূর্বতে অনুমতি থকা বাৰ–ৰেষ্টুৰেণ্টহে নিশা বাৰ বজালৈ খোলা ৰাখিব পাৰিব ৷ অন্যথা ১০ বজাতেই বন্ধ কৰিব লাগিব বাৰ–ৰেষ্টুৰেণ্ট ৷ আনকি সুৰাৰ বিপণীসমূহো নিশা ১০ বজাৰ পূর্বে বন্ধ কৰিব লাগিব ৷ লগতে যিকোনো পার্টী বা অনুষ্ঠানত উচ্চ প্রাবল্যৰ সংগীত বজাব নোৱাৰিব ৷ অন্যথা প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰিব বুলি জনালে উপায়ুক্ত বিশ্বজিত পেগুৱে ৷

You might also like