নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণ্ডুনাথ দেৱালয়ত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিন উদযাপন

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ বিগত বছৰসমূহৰ দৰে এইবেলিও সোমবাৰে গুৱাহাটী মহানগৰীৰ পাণ্ডুস্থিত ঐতিহাসিক পাণ্ডুনাথ দেৱালয় প্রাংগণত জালুকবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ লোকনির্মাণ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শিক্ষা, বিত্ত বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৫৩সংখ্যক জন্মদিন উদ্যাপন কৰা হ’ব৷ ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিন উদযাপন সমিতিৰ সভানেত্রী ৰিণিকি ভূঞা শর্মা আৰু সাধাৰণ সম্পাদক নিমাই চন্দ্র দাসে এক বিবৃতিত জানিবলৈ দিয়া মতে জন্মদিনৰ লগত সংগত ৰাখি কালি পুৱা ১০ বজাৰ পাণ্ডুনাথ দেৱালয় প্রাংগণত ছাত্র–ছাত্রীসকলৰ মাজত তিনিটা শাখাত চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হয়৷ ইয়াৰে ‘ক’ শাখাত (প্রথমৰ পৰা চতুর্থলৈ), ‘খ’ শাখাত (পঞ্চমৰ পৰা সপ্তমলৈ) আৰু ‘গ ‘শাখাত (অষ্টমৰ পৰা দশমলৈ) ছাত্র–ছাত্রীয়ে ভাগ লয়৷ তেনেদৰে জন্মদিনৰ লগত সংগতি ৰাখি মহিলাৰ দিহানাম প্রতিযোগিতাও অনুষ্ঠিত হয়৷

সোমবাৰে জন্মদিনৰ লগত সংগতি ৰাখি সন্ধিয়া ৫বজাৰ পৰা দেৱালয় প্রাংগণত বন্তি প্রজ্বলন প্রতিযোগিতা অনুষ্ঠিত হয়৷ লগতে প্রতিযোগিতাৰ বিজয়ী প্রতিযোগীসকলক পুৰস্কাৰ প্রদান কৰা হয় বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে৷

আনহাতে, মন্ত্রী ড০ শর্মাৰ জন্মদিন উপলক্ষে জালুকবাৰী সমষ্টিৰ ৩নং ৱার্ডস্থিত মালিগাঁও ৰেষ্ট কেম্পৰ ফেন ক্লাবত আয়োজন কৰা হয় এটি ৰক্তদান শিবিৰৰ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্রীৰ লগতে স্থানীয় মহিলাসকলকে ধৰি ৰক্তদান শিবিৰটোত প্রায় পঞ্চাশগৰাকীব্যক্তিয়ে ৰক্তদান কৰে৷ দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটোৰ অন্তত সন্ধিয়া সময়ত বন্তি প্রজ্বলন কৰা হয়৷

You might also like