নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীৰ নামত বৰবিহ সেৱন পানীখাইতীবাসীৰ

বগা হাতীত পৰিণত ১০ কোটিটকীয়া পানী যোগান আঁচনি

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ সর্বউন্নয়নৰ ঢাক-ঢোল বজাই থকা ৰাজ্যৰ শাসনাধিষ্ঠিত মিত্রজোঁটৰ চৰকাৰখনে ৰাইজক বিশুদ্ধ পানীৰ নামত বৰবিহ খুৱাই থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহানগৰীৰ পানীখাইতীবাসীয়ে ৷ মহানগৰীৰ পানীখাইতীস্থিত বৃহত্তৰ বোন্দা, বীৰকুছি, মঠঘৰীয়া বিশুদ্ধ খোৱাপানী যোগান কেন্দ্রটোৰ জৰিয়তে ৰাইজে বিশুদ্ধ খোৱাপানীৰ বিপৰীতে বৰবিহ সেৱন কৰি থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷

পানী যোগান কেন্দ্রটোৰ পানী বিশুদ্ধ নোহোৱাৰ ফলত ৰাইজ নানান জটিল ৰোগত আক্রান্ত হ’বলগীয়াত পৰিছে ৷ ৰাইজৰ অভিযোগ যে পানীযোগান কেন্দ্রটোৱে যি স্থানৰ পৰা পানী সংগ্রহ কৰে সেই স্থানখিনি অতিকৈ লেতেৰা আৰু প্রদূষিত ৷ উল্লেখ্য যে পানীযোগান কেন্দ্রৰ পৰা পানী সংগ্রহৰ নামত প্রতিটো পৰিয়ালে মাহে ২০০ টকাকৈ আদায় দিব লাগে৷ অর্থাৎ ৰাইজে বিশুদ্ধ পানীৰ নামত ধন ব্যয় কৰিছে যদিও বিভাগীয় কর্তৃপক্ষৰ চৰম হেমাহিত ৰাইজে বিশুদ্ধ খোৱাপানী সেৱনৰ নামত প্রতিদিনে বৰবিহ সেৱন কৰিবলগীয়াত পৰিছে ৷

পানীযোগান কেন্দ্রৰ পৰা যোগান ধৰা পানী ইমানেই লেতেৰা আৰু দুর্গন্ধময় যে ৰাইজে সংগ্রহ কৰা পানী খোৱাৰ বিপৰীতে গা–ধোৱা আৰু কাপোৰ ধোৱা কামতহে ব্যৱহাৰ কৰে৷ যাৰ বাবে অঞ্চলটোৰ ৰাইজে নানান চর্মৰোগ, খৰ–খজুৱতি আদি ৰোগত আক্রান্ত হোৱা বুলি ৰাইজে জানিবলৈ দিছে৷ উক্ত পানীযোগান কেন্দ্রটো ২০১১ বর্ষৰ ডিচেম্বৰ মাহত সেই সময়ৰ মুখ্যমন্ত্রী তৰুণ গগৈয়ে শুভ উদ্বোধন কৰিছিল৷ উক্ত পানীযোগান কেন্দ্রটোত প্রায় ৩ লাখ লিটাৰ পানী মজুত কৰি ৰাখিব পৰাকৈ প্রায় ১০ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা হৈছিল৷ চৰকাৰৰ হেমাহিৰ বাবে এতিয়া ৰাইজে বিশুদ্ধ খোৱাপানীৰ নামত বৰবিহ সেৱন কৰি আহিছে ৷

You might also like