প্রতিকেজি ছাগলীৰ মাংস ১,২০০ টকাত বিক্রী
জিএমচি–পশুধন নিগমৰ নির্দেশক আওকাণ মুনাফাখোৰ ব্যৱসায়ীৰ
নিয়মীয়া বাৰ্তা, ১ মেঃ সর্বগ্রাসী ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ বাবে দেশ তথা ৰাজ্যত চলিছে দ্বিতীয় পর্যায়ৰ লকডাউন ৷ লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্রীৰ বাহিৰে সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত দোকান–পোহাৰ সম্পূর্ণ বন্ধ হৈ পৰিছে ৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ সুযোগ গ্রহণ কৰি একাংশ মুনাফাখোৰ ব্যৱসায়ীয়ে মহানগৰীত লুণ্ঠনৰ জাল পাতিছে৷ অত্যাৱশ্যকীয় সামগ্রীকে ধৰি পাচলি আৰু অন্যান্য সামগ্রীৰ দাম দুগুণ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ লকডাউনৰ সময়ছোৱাত মহানগৰীত চোৰাংভাৱে মাছ–মাংস বিক্রী কৰি একাংশ ব্যৱসায়ীয়ে মহানগৰবাসীৰ জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে৷ লকডাউনৰ সময়ছোৱাত জিলা প্রশাসনে মহানগৰীত মাছ অথবা মাংস বিক্রীৰ বাবে একাংশ ব্যৱসায়ীক অনুমতি প্রদান কৰিছে৷ প্রশাসনৰ অনুমতি লাভ কৰা একাংশ ব্যৱসায়ীয়ে লকডাউন উলংঘাৰে মহানগৰীত মাছ–মাংসৰ দাম বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷
আনহাতে, একাংশ মুনাফাখোৰ ব্যৱসায়ীয়ে প্রশাসনৰ বিনা অনুমতিত মহানগৰীৰ প্রান্তে প্রান্তে কুকুৰা আৰু ছাগলীৰ মাংস বিক্রী কৰি আহিছে৷ আজি মালিগাঁৱৰ গো–শালাত প্রতি কেজি ছাগলীৰ মাংস ১,২০০ টকাত বিক্রী কৰাৰ অভিযোগৰ ভিত্তিত গুৱাহাটী পৌৰ নিগমে অভিযান চলাই ব্যৱসায়ীসকলক ১৫ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে আব্দুল হামিদ নামৰ মাংস ব্যৱসায়ীজনৰ পৰা মুঠ ১২ কেজি ছাগলীৰ মাংস জব্দ কৰে৷ উল্লেখ্য যে পৌৰ নিগম তথা জিলা প্রশাসনৰ বিনা অনুমতিত ব্যৱসায়ীজনে লকডাউনৰ সময়ছোৱাত চোৰাংভাৱে গো–শালাত মাংস বিক্রী কৰি আহিছে৷ তদুপৰি ব্যৱসায়ীজনে অস্বাস্থ্যকৰ পৰিৱেশত ছাগলীৰ মাংস বিক্রী কৰাৰ লগতে ৰুগীয়া ছাগলীৰ মাংস বিক্রী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
লকডাউনৰ সময়ছোৱাত মহানগৰবাসীক মাংস যোগানৰ বাবে জিলা প্রশাসনে অনুমতি প্রদান কৰি ঘৰে ঘৰে মাংস যোগান ধৰাৰ নির্দেশ দিছিল৷প্রশাসনে প্রতিকিলো স্বাস্থ্যসন্মত ছাগলীৰ মাংস ৬৫০ টকাত বিক্রী কৰাৰ অনুমতি প্রদান কৰি সংশ্লিষ্ট ব্যৱসায়ীসকলক সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে লকডাউন উলংঘা নকৰাকৈ মাংস যোগানৰ অনুমতি প্রদান কৰে৷ অসম পশুধন আৰু হাঁহ–কুকুৰা নিগমৰ সহযোগত মহানগৰবাসীক স্বাস্থ্যসন্মত মাংস যোগানৰ বাবে প্রশাসনে অনুমতি দিয়াৰ পাছতো একাংশ ব্যৱসায়ীয়ে লকডাউনৰ সুযোগ গ্রহণ কৰি চোৰাংভাৱে ছাগলী কাটি মহানগৰীত মাংস ব্যৱসায় চলোৱা পৰিলক্ষিত হৈছে৷ এই খবৰ বিয়পি পৰাৰ পাছত অসম পশুধন নিগমে মহানগৰীৰ বিভিন্ন প্রান্তত অভিযান চলাই বহু মাংসৰ দোকান ছীল কৰে ৷ দিছপুৰ, নাৰেংগী, খানাপাৰা, ছয়মাইল আৰু ধীৰেনপাৰাত প্রশাসনৰ সহযোগত পৌৰ নিগমে অবৈধ মাংস ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই পূর্বেও কেইবাটাও মাংসৰ দোকান বন্ধ কৰি দিয়ে ৷