নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ বাৰিষা সমাগত৷ মহানগৰীৰ কৃত্রিম বান ৰোধ কৰাৰ বাবে জিলা প্রশাসনে বিভিন্ন আঁচনি গ্রহণ কৰি ৰাজকোষৰ লাখ লাখ টকা ব্যয় কৰিছে যদিও একাংশ আঁচনি আজিও কার্যক্ষম হোৱা নাই৷ কৃত্রিম বান ৰোধ কৰাৰ লক্ষ্যৰে পৌৰ নিগমে নলা–নিষ্কাশনৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰিছে যদিও মহানগৰীৰ অধিকাংশ নলা–নর্দমা আজিও নিষ্কাশন কৰা হোৱা নাই৷ বিশেষকৈ ডাউন টাউনৰ ৰুক্মিণীগাঁৱৰ বাহিনী নৈ আৱর্জনাৰে ভৰি পৰিছে৷ প্লাষ্টিকৰ বটল আৰু অন্যান্য পেলনীয়া আৱর্জনাৰে নৈখন ভৰি পৰাৰ বাবে পানী চলাচল দীর্ঘদিন ধৰি বন্ধ হৈ পৰিছে৷ ফলত সমগ্র অঞ্চলটো দুর্গন্ধই ছানি ধৰিছে৷ কেৱল সেয়াই নহয় দীর্ঘদিন ধৰি নৈখনত পানী জমা হৈ থকাৰ ফলত বিভিন্ন ৰোগৰ বীজাণু বিয়পি পৰা বুলি একাংশ লোকে অভিযোগ কৰিছে৷
তদুপৰি নৈখনৰ পানী ওলাই যাব নোৱৰা বাবে অঞ্চলটোত মহৰ উপদ্রৱ বৃদ্ধি পোৱা বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ উল্লেখ্য যে আৱর্জনাৰে ভৰি পৰা নলাৰ কাষতে মুকলিভাৱে চলি আছে কেইবাখনো হোটেল আৰু ৰেষ্টুৰেণ্ট৷ অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে খাদ্যসামগ্রী প্রস্তুত কৰি বিক্রী কৰা পৰিলক্ষিত হৈছে যদিও ৰহস্যজনকভাৱে খাদ্য সুৰক্ষা বিভাগে চকুমুদা কুলিৰ ভাও জুৰিছে৷ তদুপৰি আৱর্জনাৰে ভৰি পৰা নৈখনৰ সমীপতে ফুড জংচন, নিউ অজয় হোটেল, ‘ইয়ো’ ৰেষ্টুৰেণ্ট আৰু ‘ট্রেণ্ডছ’ৰ লগতে কেইবাখনো ব্যক্তিগত খণ্ডৰ হাস্পতাল আৰু অন্যান্য ব্যৱসায় প্রতিষ্ঠান চলি আছে৷ এই ব্যৱসায় প্রতিষ্ঠান তথা হাস্পতাললৈ অহা–যোৱা কৰাসকলে নাকত কাপোৰ বান্ধি যাতায়াত কৰা পৰিলক্ষিত হৈছে৷ যদিহে শীঘ্রে জিলা প্রশাসনে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ নকৰে তেন্তে সমাগত বাৰিষাত সমগ্র ডাউন টাউন অঞ্চল কৃত্রিম বানত বুৰ যোৱাৰ আশংকা ব্যক্ত কৰিছে একাংশ স্থানীয় লোকে৷ উল্লেখ্য যে গুৱাহাটীৰ কৃত্রিম বান নিয়ন্ত্রণৰ বাবে গুৱাহাটী পৌৰ নিগমে নলা–নর্দমা নিষ্কাশনৰ লগতে গুৱাহাটী উন্নয়ন কর্তৃপক্ষই নতুনকৈ কেইবাটাও নলা নির্মাণৰ কাম হাতত লৈছে৷ কিন্তু পৌৰ নিগম তথা জিএমডিএৰ একাংশ বিষয়াৰ হেমাহিৰ বাবেই এই আঁচনিসমূহ ৰূপায়ণত ব্যর্থ হৈছে৷