নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ ৰাজধানী চহৰ গুৱাহাটীৰ ব্যাপক যান–জঁটক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে প্রদান কৰা একাধিক নির্দেশনা উলংঘা কৰা পৰিবহণ আয়ুক্ত বুধবাৰে সোঁ–শৰীৰে হাজিৰ হয় ন্যায়ালয়ৰ মজিয়াত৷ উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ যান–জঁট নিয়ন্ত্রণৰ ক্ষেত্রত ব্যর্থতাৰ বাবে ন্যায়ালয়ৰ মজিয়াত জবাবদিহি হ’বলগীয়া হয় পৰিবহণ আয়ুক্ত৷ বিশেষকৈ যান–বাহন নিয়ন্ত্রণৰ বাবে থকা আইন সঠিকভাৱে বলৱৎ নকৰাৰ বাবে ন্যায়ালয়ৰ ককর্থনাৰ সন্মুখীন হয় আয়ুক্তজন৷ সমান্তৰালভাৱে এই প্রসংগতে দাখিল হোৱা ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি কেইবাটাও গুৰুত্বপূর্ণ নির্দেশনা প্রদান কৰে ন্যায়ালয়ে৷ সেই অনুসৰি বাছ আস্থানসমূহত বাছ ৰাখিবলৈ সু–নির্দিষ্ট স্থান নির্মাণৰ ক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰিব সেই সন্দর্ভত শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছে ন্যায়ালয়ে৷ একে সময়তে পাইকাৰী বজাৰসমূহৰ পার্কিং ব্যৱস্থা সু–শৃংখলিত কৰাৰ লগতে পদপথৰ ব্যৱসায়ীসকলৰ বাবে সুকীয়া বিক্রী স্থান চিনাক্ত কৰিবলৈ উচ্চ ন্যায়ালয়ে নির্দেশ দিছে সংশ্লিষ্ট কর্তৃপক্ষক৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনস্থ বাছসমূহে ন্যায়ালয়ৰ নির্দেশনা মানি চলিছেনে নাই সেই কথাও পৰৱর্তী শুনানিত পৰিবহণ বিভাগে অৱগত কৰাব লাগিব গুৱাহাটী উচ্চ ন্যায়ালয়ক৷ উল্লেখ্য যে মহানগৰীৰ বিশৃংখল যান–বাহন চলাচলৰ ব্যৱস্থাক সু–শৃংখলিত কৰাৰ ব্যৱস্থা গ্রহণৰ নির্দেশ প্রদানৰ প্রার্থনাৰে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু হৈছিল৷ এই গোচৰৰ ভিত্তিতেই উচ্চ ন্যায়ালয়ে মহানগৰীত চলাচল কৰা চিটীবাছসমূহৰ চলাচলৰ সময়ত দর্জা বন্ধ কৰি ৰখা, বাছসমূহত সু–স্পষ্টভাৱে পথৰ অনুমতিৰ নম্বৰসহ যান–বাহন আৰক্ষীৰ অভিযোগ নম্বৰ আঁৰিবলৈ নির্দেশ দিছিল৷ উল্লেখ্য যে পূর্বতে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে মহানগৰবাসীয়ে অভিযোগ দিব পৰাকৈ ম’বাইল নম্বৰ মুকলি কৰিবলৈ নির্দেশ দিছিল৷ ইতিমধ্যে এই ম’বাইল নম্বৰ চিটীবাছসমূহত লগোৱা হৈছে যদিও সেয়া যথেষ্ট সৰু আখৰেৰে লিখা বাবে কার্যতঃ ৰাইজৰ বাবে কোনোধৰণৰ সুবিধা হোৱা নাই বুলি স্পষ্টভাৱে উল্লেখ কৰিছে উচ্চ ন্যায়ালয়ে৷ ইপিনে, ৰাজ্যৰ একাংশ দোকান–বজাৰৰ লগতে ফাঁচীবজাৰ আৰু মাছখোৱাৰ পাইকাৰী বজাৰসমূহে মহানগৰীত সৃষ্টি কৰা যান–জঁটৰ প্রসংগও উচ্চ ন্যায়ালয়ে চালি–জাৰি চাইছে৷ সেই অনুসৰি শেহতীয়াকৈ ন্যায়ালয়ে ৰাজ্যৰ মুখ্য সচিবক উচ্চতম ন্যায়ালয়ে প্রদান কৰা নির্দেশনা পালন হোৱাটো নিশ্চিত কৰাৰ লগতে পাইকাৰী বজাৰ, ব্যৱসায়ী, হকাৰ, দোকানীয়ে বেদখল কৰি থোৱা ৰাজহুৱা পথসমূহ মুকলি কৰিবলৈও কঠোৰ নির্দেশ প্রদান কৰিছে৷ সমান্তৰালভাৱে মহানগৰ অঞ্চলৰ পৰা বাহিৰলৈ স্থানান্তৰ কৰিবলগীয়া হার্ডৱেৰ, খাদ্যসামগ্রী আদি বজাৰ সন্দর্ভত পদক্ষেপ গ্রহণ কৰিবলৈও মুখ্য সচিবক নির্দেশ দিছে৷ খাদ্যসামগ্রী, মাছ, শাক–পাচলিৰ পাইকাৰী বজাৰসমূহে মহানগৰীত অস্বাভাৱিক যান–জঁটৰ সৃষ্টি কৰাৰ লগতে প্রদূষণৰ সৃষ্টি কৰি অহা বুলিও উল্লেখ কৰিছে ন্যায়ালয়ে৷