ফাঁচীবজাৰৰ ৰাজপথত ছেনিটাইজিং মুখ্যমন্ত্ৰী সোণোৱালৰ
ক'ভিড-১৯ সংক্ৰমণৰ প্ৰতিৰোধত জি এমচিৰ বিশেষ পদক্ষেপ
নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ ৰাজ্যখনত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ অংশ হিচাপে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰ এলেকাত গুৱাহাটী পৌৰ নিগমে চলাই থকা ছেনিটাইজেচন স্প্ৰে’ কৰে। উল্লেখ্য যে ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে অগ্নিনিৰ্বাপণ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ সহায়ত মহানগৰীৰ বিভিন্ন স্থানত ছেনিটাইজেচনৰ কাৰ্যসূচী গ্ৰহণ কৰি আছে। বৃহস্পতিবাৰেও মহানগৰীৰ বিভিন্ন ৰাজহুৱা স্থান তথা পথসমূহত গুৱাহাটী পৌৰ নিগমে ছেনিটাইজেচনৰ পদক্ষেপ গ্ৰহণ কৰি আছে। বৃহস্পতিবাৰে এই ছেনিটাইজেচন কাৰ্যসূচিত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকে। এই কাৰ্যসূচীৰ পিছতে উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত সোণোৱালে কয় যে ক’ভিড-১৯ অতিমাৰী হ’ল বিশ্বৰ স্বাস্থ্য খণ্ডলৈ নামি অহা এক প্ৰত্যাহ্বান। সেয়েহে এই প্ৰত্যাহ্বান সকলোৱে সন্মিলিতভাৱে প্ৰতিহত কৰিব লাগিব। ছেনিটাইজেচনে যিহেতু এই ভাইৰাছ নাশত বিশেষ ভাৱে সহায় কৰে, সেয়ে গুৱাহাটী পৌৰ নিগমে এই কাৰ্যসূচী মহানগৰীত গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। সামাজিক দূৰত্ব বজাই ৰখাটো যিহেতু এই ৰোগ প্ৰতিৰোধৰ অন্যতম উপায়, সেয়েহে সকলোৱে এই দূৰত্ব বজাই ৰাখি লকডাউন কাৰ্যসূচী সৰ্বাত্মক ৰূপত পালন কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলোকে আহ্বান জনায়।