বগাহাতীত পৰিণত পাণবাৰী–হাজোবৰিৰ উপ–স্বাস্থ্যকেন্দ্র
কর্তব্যৰত স্বাস্থ্যকর্মীৰ বিৰুদ্ধে কর্তব্যত গাফিলতিৰ অভিযোগ
নিয়মীয়া বার্তা ৯ মার্চঃ ভালুকৰ সাঙীসদৃশ হৈ পৰিছে চন্দ্রপুৰ ৰাজহ চক্র এলেকাৰ অন্তর্গত পাণবাৰী গাঁৱৰ একমাত্র উপ–স্বাস্থ্যকেন্দ্রটো৷ এখন জনজাতীয় গাঁৱৰ সাধাৰণ ৰাইজৰ বাবে কেইবাবছৰ পূর্বে স্থাপন কৰা এই উপ–স্বাস্থ্যকেন্দ্রটোত্ নিয়োজিত স্বাস্থ্যকর্মীৰ চৰম হেমাহিৰ বাবে ভালেমান বছৰৰ পৰা প্রয়োজনীয় চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে অঞ্চলবাসী৷ উল্লেখ্য যে যাতায়াত ব্যৱস্থাৰ ক্ষেত্রত দুর্গম পাণবাৰী অঞ্চলৰ ৰাইজৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি অগপ চৰকাৰৰ দিনত অঞ্চলটোত এটা উপ–স্বাস্থ্যকেন্দ্র স্থাপন কৰে৷ সেই সময়ত তাত চিকিৎসকৰ দ্বাৰা সেৱা কৰাৰ সুবিধা আছিল যদিও পৰৱর্তী সময়ত যাতায়াতৰ অসুবিধাৰ দোহাই দি চিকিৎসক আৰু চিকিৎসাকর্মী অনুপস্থিত হ’বলৈ লোৱাত সম্পূর্ণৰূপে বন্ধ হৈ পৰে চিকিৎসা কার্য৷ এটা সময়ত ভূত বাংলাত পৰিণত হোৱা উপ–স্বাস্থ্যকেন্দ্রটো পাঁচ বছৰ মান পূর্বে নতুনকৈ নির্মাণ কৰি দুগৰাকী নার্ছ আৰু এগৰাকী স্বাস্থ্যকর্মীক নিযুক্তি দিয়ে৷ কিন্তু পৰিতাপৰ কথা যে স্বাস্থ্যকর্মীকেইগৰাক্ অনিয়মীয়া উপস্থিতিৰ বাবে একেধৰণে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে পাণবাৰীবাসী৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, মেলেৰিয়া কর্মীগৰাকীয়ে গাঁও এলেকা কিছু পৰিমাণে পৰিদর্শন কৰাৰ বিপৰীতে নার্ছ দুগৰাকী ২–৩ মাহত কেতিয়াবা মাত্র ৪–৫ দিনহে এঘণ্টামানৰ বাবে উপস্থিত থাকে৷ ফলত সাধাৰণ জ্বৰ–কাহ হ’লেও ১২–১৫ কিলোমিটাৰ দূৰত্বৰ চন্দ্রপুৰ অথবা সোণাপুৰলৈ যাব লাগে চিকিৎসাৰ বাবে৷ মন কৰিবলগীয়া যে স্থানীয় ৰাইজে স্বাস্থ্যকর্মীক প্রতিদিনে কেন্দ্রত উপস্থিত থকাৰ বাবে বহুবাৰ খাটনি ধৰিছে যদিও কোনো কেৰেপ কৰা নাই তেওঁলোকে৷ এইক্ষেত্রত উপ–স্বাস্থ্যকেন্দ্রটোৰ্ পৰিচালনা সমিতিয়ে হেমাহি কৰাৰো অভিযোগ তুলিছে ৰাইজে৷ একে শোচনীয় অৱস্থা হাজোবড়ি উপ–স্বাস্থ্যকেন্দ্রত৷ সেই কেন্দ্রটোতো বহু বছৰৰ পৰা উপস্থিত নাথাকে স্বাস্থ্যকর্মী৷ স্থানীয় ৰাইজে প্রকাশ কৰা মতে, ২–৩ মাহতো এবাৰ উপস্থিত নোহোৱা স্বাস্থ্যকর্মীকেইজনক্ হেনো চিনিয়েই নাপায় অঞ্চলবাসীয়ে৷ কেৱল প্রতিষেধকৰ দিনটোত আশাকর্মীসকলেহে কেন্দ্রটোৰ তলা খোলা পৰিলক্ষিত হয়৷ বছৰৰ অধিক দিন বন্ধ হৈ থকাৰ ফলত হাবিয়ে আৱৰি ধৰিছে কেন্দ্রটো৷ ফলস্বৰূপে আগন্তুক গৰমৰ দিনৰ প্রতি লক্ষ্য ৰাখি দুয়োটা উপ–স্বাস্থ্যকেন্দ্রত স্বাস্থ্যকর্মীৰ সক্রিয়তাৰ ক্ষেত্রত স্বাস্থ্যমন্ত্রীৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে৷