বন বিষয়া মনোৰঞ্জন বর্মনৰ পৃষ্ঠপোষকতাত বনদস্যুৰ দৌৰাত্ম্যঃ জাৰশাল বনাঞ্চলত দুর্বৃত্তই কাটিলে শাল গছ
নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ সৰলতাৰ সুযোগ লৈ একাংশ বন বিষয়াৰ পৃষ্ঠপোষকতাত ৰাজ্যত অব্যাহত আছে বনাঞ্চল ধ্বংসৰ অভিযান৷ শেহতীয়াকৈ পূব কামৰূপ বন সংমণ্ডল প্রাধিকাৰী কার্যালয়ৰ অধীনস্থ একাংশ আঞ্চলিক বন বিষয়াৰ পৃষ্ঠপোষকতাত বন মাফিয়াই অবাধ হাৰত বন ধ্বংস অভিযান চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি ৰাণী আঞ্চলিক বন বিষয়া মনোৰঞ্জন বর্মনৰ পৃষ্ঠপোষকতাত একাংশ বন মাফিয়াই বৃহত্তৰ ৰাণী অঞ্চলত পাহাৰ, কৃষিভূমি খনন কৰি আহিছে৷
বন বিষয়া বর্মনৰ পৃষ্ঠপোষকতাত বন মাফিয়াই দিনে–নিশাই ৰাণী আঞ্চলিক বন বিষয়াৰ কার্যালয়ৰ সন্মুখেৰে শ শ শিল–বালি–মাটি কঢ়িওৱা ট্রাক–ডাম্পাৰে অঞ্চলটোত সন্ত্রাস সৃষ্টি কৰি আহিছে৷ বন মাফিয়াৰ দৌৰাত্ম্যৰ বাবেই কিছুদিন পূর্বে জাৰশাল বনাঞ্চলৰ শতিকাগৰকা শালগছ কাটি পেলায়৷ বন বিষয়া বর্মনৰ জ্ঞাতসাৰে মূল্যৱান শাল গছ দুর্বৃত্তই কটাৰ পিছতো বিষয়াগৰাকীয়ে এতিয়ালৈকে অঞ্চলটো পৰিভ্রমণ কৰা নাই৷
ইফালে আঞ্চলিক বন বিষয়া মনোৰঞ্জন বর্মনৰ পৃষ্ঠপোষকতাতে মীৰাপুৰত প্রদীপ বড়ো আৰু কেইটামান বন মাফিয়াই অবাধ হাৰত পাহাৰ আৰু কৃষিভূমিত খনন অব্যাহত ৰাখিছে৷ বন বিষয়াগৰাকীক মেনেজ কৰি কৰ ফাঁকিৰে দিনে–নিশাই ৰাণী আঞ্চলিক বন বিষয়াৰ কার্যালয়ৰ সন্মুখেৰে বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰি আহিছে৷ ৰাণীত অবাধ হাৰত পাহাৰ আৰু কৃষিভূমি খনন কৰাৰ লগতে মূল্যৱান গছ–গছনি কাটি তহিলং কৰিছে বন মাফিয়াই৷
কেৱল পাহাৰ আৰু কৃষিভূমিয়েই নহয় মেঘালয়ৰ পৰা চালানবিহীনভাৱে প্রতিদিনে তিনি শতাধিক ট্রাক–ডাম্পাৰেৰে শিল–বালি সৰবৰাহ কৰি আহিছে বন মাফিয়াই৷ বন বিভাগৰ জ্ঞাতসাৰে বৃহত্তৰ ৰাণী অঞ্চলত চলি থকা বন ধ্বংস অভিযান বন্ধ কৰাৰ বাবে মন্ত্রী পৰিমল শুক্লবৈদ্যই কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷