বশিষ্ঠত ৬জাঁই সক্রিয় গুলীসহ ০.৩২ পিষ্টল উদ্ধাৰ
নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ মেঘালয়ৰ চোৰাং কয়লাক কেন্দ্র কৰি আৰম্ভ হৈছে ব্যাপক ছিণ্ডিকেটৰাজ৷ একাংশ কয়লা মাফিয়াই মেঘালয়ৰ পৰা ছিণ্ডিকেট বাহিনীৰ সহযোগত কয়লা সৰবৰাহ কৰি গুৱাহাটীত স্থাপন কৰিছে অবৈধ কয়লা ডিপো৷ মূলতঃ গুৱাহাটী মহানগৰীৰ বেলতলা আৰু বশিষ্ঠ অঞ্চলত গঢ়ি উঠা কয়লা ডিপোসমূহৰ পৰা ক’লা হীৰাৰ এখন বিশাল চোৰাং সাম্রাজ্য নিয়ন্ত্রিত হৈ আছে৷ কিন্তু কয়লা ছিণ্ডিকেটক কেন্দ্র কৰি দুটা দলৰ মাজত সৃষ্টি হোৱা সংঘাত সোমবাৰে স্পষ্ট ৰূপত পোহৰলৈ আহে৷ জানিব পৰা মতে, কয়লা ব্যৱসায়ত নিজৰ দখল বহুৱাবলৈ এটা বাহিনীয়ে দীর্ঘদিনৰ পৰা নানাধৰণে চেষ্টা চলাই আহিছে৷ ইয়াৰ বাবে সঞ্জয় সিন্হা নামৰ এজন যুৱকে বিগত কিছুদিন ধৰি তৎপৰতা চলাই আহিছিল৷ বেলতলা–বশিষ্ঠত থকা কয়লা ডিপোসমূহত নিয়মীয়াকৈ উপস্থিত হৈ তেওঁ কয়লা ব্যৱসায়ত নিজৰ ভাগীদাৰী বহুৱাব বিচাৰিছিল৷ ইয়াকে লৈ দুই দলৰ মাজত আৰম্ভ হয় সংঘাত৷ সোমবাৰেও বশিষ্ঠৰ সাত নম্বৰ গলিত থকা এটা কয়লা ডিপোলৈ গৈছিল সঞ্জয় সিন্হা৷ তেওঁ এটা পিষ্টল উলিয়াই ভাবুকি প্রদর্শন কৰাক লৈ কয়লা ডিপোৰ কর্মচাৰীৰ লগত হতাহতি লাগে৷ ইয়াৰ পিছতে ঘটনাস্থলীত উদ্ধাৰ হয় ০.৩২ পিষ্টল এটা আৰু ৬ জাঁই সক্রিয় গুলী৷ আৰক্ষীয়ে পিষ্টলটোৰ অনুজ্ঞাপত্র আছেনে নাই, সেই সন্দর্ভত অনুসন্ধান চলাই আছে৷