নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰান্দাত পৰি ৰ’ল ঈশান-ইভানৰ চাইকেল দুখন

চাইকেল চলাবলৈ কেতিয়াও নাহে ঈশান-ইভান

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ বৃহস্পতিবাৰ… কাল অমানিশা নামি আহিল তুষাৰ গোস্বামী আৰু শিল্পী গোস্বামীৰ পৰিয়াললৈ। দিনৰ প্ৰায় ১ বাজিছে মহানগৰীৰ ৱাৰলেছত অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডই নিমিষতে গ্ৰাস কৰিলে দুই কণমাণিৰ জীৱন। দুমহলীয়া ঘৰটোৰ ওপৰ মহলাত ককায়েক ঈশানৰ সৈতে খেলি আছিল ইভান। ঘৰখনৰ ডাঙৰ সন্তান ৮ বছৰীয়া ঈশান দিছপুৰৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ছাত্ৰ আনহাতে ইভান আছিল মাত্ৰ ৪ বছৰীয়া। স্কুল বন্ধ ঘৰতেই খেলি আছিল দুয়ো ভাতৃয়ে। কৰ্মসূত্ৰে দেউতাক দূৰত থকাৰ বাবে ঘৰত আছিল তেওঁলোকৰ মাক আৰু আইতাক। কোনে জানে একুৰা জুইয়ে যে পলকতেই শেষ কৰিব পেলাব এখন সোণৰ ঘৰ।

                ঘৰৰ কাম কৰি থকা মিস্ত্ৰীৰ লগত কাম চাই আছিল মাক আৰু আইতাকে। হঠাৎ আইতাকৰ চিঞৰ ওপৰত কিবা এটা হৈছে। কিবা হোৱাটোৱেই যেন শেষ হ’ল। জুইৰ মাজত সোমাই পৰিল খেলি থকা ইভান-ঈশান। মৰণক শৰণ দি দুজনমান লোক আগবাঢ়ি যাব বিচাৰিছিল যদিও জুইৰ উত্তাপ ইমানেই বেছি আছিল যে ঘটনাস্থলীত উপস্থিত হোৱা কোনোৱেই আগবাঢ়ি যাব সাহস নকৰিলে। বন্ধ কোঠাত সাৱতা-সাৱতিকৈ পৰি ৰ’ল ঈশান-ইভানৰ মৃতদেহ।নিমিষতে শেষ হ’ল দুটি কণমানিৰ জীৱন। ওপৰ মহলাৰ পৰা ভাঁহি আহিল কৰুণ মা… মা… চিঞৰ। কিন্তু এই ‘মা’ টোৱেই শেষ শব্দ আছিল ইভান আৰু ঈশানৰ। দুই ভাতৃয়ে বিচাৰিছিল কোনোৱে তেওঁলোকক বচাব! কিন্তু মৃত্যু ৰৈ আছিল দুই ভাতৃৰ। বাৰান্দাত পৰি ৰ’ল কণমানি দুটিৰ চাইকেল দুখন, আৰু ঝুলনাখন। হয়তু পিতৃ-মাতৃৰ বাবে হৈ ৰ’ব কাতৰ স্মৃতি।