নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপজ্জনক : বোন্দাত উন্মুক্ত ট্রেন্সফর্মাৰে বিপদ মাতিছে ৰাইজলৈ

বাঁহেৰে বেৰ দিয়ে দায়িত্ব সামৰিলে বিদ্যুৎ বিভাগে

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ বিদ্যুৎ বিভাগৰ কাণ্ডজ্ঞানহীন কর্মৰ বিষয়ে প্রায়ে উত্থাপিত হয় বিভিন্ন অভিযোগ৷ ক’ৰবাত যদি জৰাজীর্ণ কাঠৰ খুঁটাৰ সহায়ত বিদ্যুৎ তাঁৰ টনা হয়, ক’ৰবাত বিপজ্জনকভাৱে উন্মুক্ত ট্রেন্সফর্মাৰ স্থাপন ইত্যাদি৷ ১নং বোন্দাৰ তেনে কেইবাটাও উন্মুক্ত ট্রেন্সফর্মাৰ সাধাৰণ বাঁহেৰে বেৰ দি বিভাগীয় দায়িত্ব পালন কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ ৰাইজে প্রকাশ কৰা মতে, ১নং বোন্দা অঞ্চলত বিগত বহু দিন ধৰি কেইবাটাও উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ ট্রেন্সফর্মাৰ উন্মুক্ত অৱস্থাতে আছিল৷ সচৰাচৰ অহা–যোৱা কৰা পথৰ দাঁতিতে স্থাপন কৰা ট্রেন্সফর্মাৰকেইটা মুকলি অৱস্থাত থকাৰ বাবে অতি বিপজ্জনক আছিল বাবে স্থানীয় ৰাইজে সৰু ল’ৰা–ছোৱালীৰ সম্ভাব্য বিপদৰ প্রতি লক্ষ্য কৰি বেৰ দিয়াৰ বাবে দাবী জনাইছিল বিভাগীয় কর্তৃপক্ষই৷ সেই দাবীৰ পৰিপ্রেক্ষিতত বেৰ দিলে ঠিকেই, কিন্তু সাধাৰণ বাঁহেৰে বেৰ দি থ’লে৷ নিয়ম অনুসৰি অর্থাৎ বিভাগীয় পৰিকল্পনা মতে গৰু–ছাগলী প্রৱেশ কৰিব নোৱাৰাকৈ নির্দিষ্ট দূৰত্বৰ পৰা লোৰ জালি অথবা আন মজবুত সামগ্রীৰে বেৰ দিব লাগে৷ শীঘ্রে স্থায়ী আৰু মজবুত বেৰ দিয়াৰ ৰাইজে দাবী জনাইছে ৷

You might also like