বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত আছু নেতা উৎপল শর্মাক নিষিদ্ধ
নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই বিশ্ববিদ্যালয়খনৰ আঠ নম্বৰ ছাত্রাৱাসৰ সহযোগত অনুষ্ঠিত হৈ থকা আন্তঃআৱাস–নিৱাস ক্রিকেট প্রতিযোগিতা চলি থকাৰ মাজতে যোৱা ১৩ ফেব্রুৱাৰীৰ নিশা সংঘটিত হয় এক অবাঞ্ছিত ঘটনা৷ খেল চলি থকাৰ মাজতে দুটা দলৰ মাজত সংঘটিত হয় এক প্রচণ্ড মাৰপিটৰ ঘটনা৷ মাৰপিটৰ ঘটনাত দুটা ছাত্রাৱাসৰ তিনিজন খেলুৱৈ আঘাতপ্রাপ্ত হয়৷ আঘাতপ্রাপ্ত ছাত্রকেইজনক হাস্পতালত ভর্তি কৰোৱাৰ লগতে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷
ইপিনে, খেল চলি থকাৰ সময়তে হঠাৎ সংঘটিত মাৰপিটৰ ঘটনাৰ অন্তৰালত সদৌ অসম ছাত্র সন্থাৰ কেন্দ্রীয় নেতা উৎপল শর্মা নামৰ লোকজন জডিত থকা বুলি বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ তেনেক্ষেত্রত কালি নিশা গুৱাহাটী বিশ্ববিদ্যালয়ত এখন যুটীয়া বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র সন্থা, আৱাস–নিৱাসসমূহৰ ছাত্রাধীক্ষক–ছাত্রীধী তথা সহঃ ছাত্রাধীক্ষক আৰু সহঃ ছাত্রী অধীক্ষিকাসকল উপস্থিত থাকি কেইটামান বিশেষ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ সিদ্ধান্ত অনুসৰি মাৰপিটৰ ঘটনাৰ সৈতে জডিত আইনৰ ছাত্র ক্রমে অনুজ প্রতীম বৰা, বিমান হালৈ আৰু প্রদীপ্ত তালুকদাৰক বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ পৰা শীঘ্রে বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয়৷
সমগ্র ঘটনাটোত উদগনি যোগোৱা অসম আর্হি ৯নং ছাত্রাৱাসৰ প্রাক্তন আৱাসী তথা সহঃ সাধাৰণ সম্পাদক উৎপল শর্মাক বিশ্ববিদ্যালয়ৰ সকলো ৰাজহুৱা অনুষ্ঠানৰ পৰা ৰাজহুৱাভাৱে বহিষ্কাৰ কৰা, বিশ্ববিদ্যালয় চৌহদত প্রৱেশ নিষিদ্ধ কৰাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রতিটো অনুষ্ঠানৰ পৰা অনির্দিষ্টকাললৈ অসম আর্হি ৯নং আইন ছাত্রাৱাসক বহিষ্কাৰ কৰাৰো সিদ্ধান্ত গ্রহণ কৰে৷