নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোন্দাত অব্যাহত ৰঙামাটিৰ অবৈধ ব্যৱসায়

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ  পাহাৰ খনন তথা ৰঙামাটি কটাৰ ক্ষেত্রত জিলা প্রশাসনৰ কঠোৰ নিষেধাজ্ঞা থকাৰ পিছতো নাৰেংগী খণ্ড বন কার্যালয় এলেকাধীন বোন্দা অঞ্চলত খোদ বন বিষয়াৰ ছত্রছায়াতে চলি আছে ৰঙামাটিৰ ৰমৰমীয়া বেহা৷ যাৰ ফলত বোন্দাৰ বিভিন্ন অঞ্চলত ব্যৱসায়ীয়ে অবৈধভাৱে ৰঙামাটি মুকলিকৈ খনন কৰি নির্বিঘ্ণে বিক্রী কৰি আছে৷ প্রাপ্ত তথ্য মতে বন বিভাগৰ লোকক মেনেজ কৰি দিন–ৰাতি সমানে ৰঙামাটিৰ ব্যৱসায় চলাই গৈছে ব্যৱসায়ীসকলে৷ তাৰেই যেন চাক্ষুষ তথা জ্বলন্ত প্রমাণ দেখা গ’ল বোন্দা কলনী বজাৰ পথৰ দাঁতিৰ বৃহৎ ৰঙামাটিৰ দ’ম৷ জানিব পৰা মতে বোন্দা কলনী বজাৰৰ সমীপত থকা এজন ব্যক্তিয়ে ৰঙামাটিৰ ব্যৱসায় কৰি থকা এজন ব্যৱসায়ীৰ পৰা ক্রয় কৰিছে কেইবা ট্রাক ৰঙামাটি৷ যোৱানিশা ব্যৱসায়ীজনে বৃহৎ পৰিমাণৰ ৰঙামাটি পেলাই থৈ যায় নাৰেংগী–চন্দ্রপুৰ পথৰ দাঁতিত৷ আশ্চর্যজনক কথা যে আজি সমগ্র দিনটো পথৰ দাঁতিত ৰঙামাটিৰ বৃহৎ দ’মটো পৰি থকাৰ পিছতো চকু মুদা কুলিৰ ভাৱত আছে নাৰেংগীত থকা খণ্ড বন কার্যালয়ৰ বিষয়া–কর্মচাৰীসক৷ ইয়াৰ উপৰি প্রাপ্ত তথ্য অনুসৰি বোন্দাৰ চপাইদাং, ঘুলিগাঁও আদি কৰি বিভিন্ন স্থানত এচাম ব্যৱসায়ীয়ে বিকাশভান, মিনিট্রাক, ডাম্পাৰ আদিৰে ৰঙামাটিৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে৷ স্থানীয় সচেতন ৰাইজৰ অভিযোগ মতে সমগ্র অঞ্চলটোত দীর্ঘদিনৰ পৰা ৰঙামাটিৰ বৃহৎ ছিণ্ডিকেট চলি আছে৷ য’ত আৰক্ষীৰ উপৰি বন বিভাগৰ সাধাৰণ কর্মচাৰীৰ পৰা উচ্চপদস্থ বিষয়াৰ ন্যস্ত স্বার্থ জড়িত হৈ আছে৷

You might also like