নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোন্দাত লকডাউনৰ মাজতে হাতে হাতে প্লেকার্ড লৈ চিটুৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ লকডাউন চলি থকাৰ সময়তে সমগ্র দেশৰ লগতে অসমতো শ্রমিকৰ মজুৰি আদায় দিয়াৰ দাবীত চি আই টি ইউৱে আহ্বান জনোৱা বন্ধৰ প্রতি সমর্থন জনাই মঙলবাৰে চি আই টি ইউৰ কামৰূপ মহানগৰ জিলা সমিতি আৰু আছাম ৰুফিং লিমিটেডৰ ৱর্কাৰ ইউনিয়নৰ উদ্যোগত বোন্দাত আছাম ৰুফিং লিমিটেডৰ সন্মুখত শ্রমিকৰ মজুৰি আদায় দিয়াৰ দাবীত প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী শ্রমিকসকলে লকডাউনৰ নিয়ম–নীতিৰ মাজত থাকি সামাজিক দূৰত্ব মানি ‘লকডাউনৰ সময়ত শ্রমিকৰ মাহিলি দৰমহা আদায় দিয়া, ঠিকা ভিত্তিক শ্রমিকক ছাটাই বন্ধ কৰা, চৰকাৰে ঠিকাভিত্তিক শ্রমিকক ৫০০০ টকাকৈ আর্থিক সাহায্য ঘোষণা কৰা’ আদি লিখা পোষ্টাৰ লৈ তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে আছাম ৰুফিং লিমিটেড, আছাম কার্বনকে ধৰি বিভিন্ন ব্যক্তিগত প্রতিষ্ঠানসমূহে শ্রমিকসকলক প্রাপ্য মজুৰি আদায় দিয়া নাই বুলি বিভিন্ন দল–সংগঠনে অভিযোগ উত্থাপন কৰে৷ উল্লেখ্য যে লকডাউনৰ সময়ত ঠিকাভিত্তিক শ্রমিকৰ পৰিয়ালে দুবেলা–দুমুঠি আহাৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷

You might also like