নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰবাৰীত অনুজ্ঞা–পত্র নথকা কেইবাখনো দোকান বন্ধৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ১৯ এপ্রিলঃ মহানগৰীত লকডাউনৰ সময়ছোৱাত ঘৰে ঘৰে মাংস, কণী যোগান ধৰাৰ নামত একাংশ ব্যৱসায়ীয়ে গ্রাহকৰ পৰা নির্ধাৰিত মূল্যতকৈ অধিক ধন সংগ্রহ কৰা আৰু লকডাউনৰ নীতি উলংঘা কৰাক লৈ তৎপৰ হৈ পৰিছে গুৱাহাটী পৌৰ নিগম আৰু অসম পশুধন–হাঁহ কুকুৰা নিগম ৷ মহানগৰীৰ বিভিন্ন প্রান্তত ব্যৱসায়ীসকলে লকডাউন উলংঘা কৰি মাংস বিক্রী কৰাৰ অভিযোগত শনিবাৰে দিছপুৰ ছুপাৰমার্কেট, বৰবাৰী, হাতীগাঁও, হেঙেৰাবাৰী, ভিআইপি ৰোড আদি অঞ্চলত পশুধন নিগম আৰু জিএমচিৰ এটা দলে অভিযান চলায় ৷ পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ লগতে পৌৰ নিগমৰ কেইবাগৰাকী বিষয়াৰ এটা দলে চলোৱা অভিযানকালত বৰবাৰীত অবৈধভাৱে সামগ্রী বিক্রী কৰা কেইবাখনো দোকান বন্ধ কৰাৰ নির্দেশ দিয়া বুলি জানিব পৰা গৈছে ৷ অহা ৩ মে’লৈকে এই অভিযান অব্যাহত থাকিব বুলি অসম পশুধন নিগমৰ অধ্যক্ষ শইকীয়াই জানিবলৈ দিছে ৷ উল্লেখ্য যে জিএমচিয়ে বিভিন্ন প্রান্তত লকডাউনৰ সময়ছোৱাত ছাগলী–কুকুৰাৰ মাংস আৰু কণী বিক্রী কৰাৰ বাবে কেইবাগৰাকী ব্যৱসায়ীক অনুমতি প্রদান কৰি প্রতিকিলো ছাগলীৰ মাংস ৬৫০ টকা, কটা কুকুৰাৰ মাংস প্রতি কিলোত ২৪০ টকা, গোটা কুকুৰা ১৫০ টকা আৰু প্রতি প্লেট কণী ১৩০ টকাত বিক্রীৰ নির্দেশ দিছিল ৷ এইক্ষেত্রত অভিযোগকাৰীয়ে ৯৪৩৫২–৯৪৩৯৮ অথবা ৭০৮৬০–৫৩৯৪৩ অভিযোগ দাখিল কৰিব পাৰিব ৷ ইপিনে, ছাগলীৰ মাংসৰ বাবে ৭০০২২–৪৩৮০৬ আৰু কুকুৰা মাংসৰ বাবে ৯৪৩৫০–৪৫৪৯৬ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

You might also like