নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাগাঁৱত খানাপাৰামুখী ট্রাকত জব্দ ১৬ কোটিৰ হেৰ’ইন

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ: ম্যানমাৰৰ পৰা আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রই মণিপুৰ, নাগালেণ্ড, মিজোৰাম, মেঘালয় আৰু অসমৰ মাজেৰে বহিঃৰাজ্যলৈ ড্রাগ্ছৰ সৰবৰাহ অব্যাহত ৰাখিছে৷ আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রই গুৱাহাটীক ড্রাগ্ছ সৰবৰাহৰ ট্রেনজিট পইণ্টত পৰিণত কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ পাছতে অসম আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ মহানগৰ আৰক্ষীয়েও ড্রাগ্ছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ বহুকেইটা সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ কালি মহানগৰ আৰক্ষীয়ে বৰঝাৰৰ এখন ধাবাৰ পৰা ৫০০ গ্রাম হেৰ’ইনসহ দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ পাছত দেওবাৰে পুনৰ বৰাগাঁৱৰ পৰা ১৬ কোটি টকাৰ হেৰ’ইনসহ দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আমিনগাঁৱৰ এটা পার্কিঙৰ পৰা ডব্লিউ বি–৬৫ চি–২১৫৫ নম্বৰৰ বাৰচকীয়া ট্রাকখন খানাপাৰাৰ দিশেৰে আহি থকাৰ সময়তে আৰক্ষীয়ে বৰাগাঁৱত অভিযান চলাই ট্রাকখনৰ পৰা ২.০৪২ কেজি হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে দুই সৰবৰাহকাৰী দালিম আৰু দিলোৱাৰক গ্রেপ্তাৰ কৰে৷ মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তৰ নেতৃত্বত এই অভিযান চলিছিল৷ জব্দকৃত ড্রাগ্ছখিনি দিল্লীলৈ নিয়াৰ কথা আছিল৷

You might also like