নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ উদ্বেগজনক তথ্যঃ চলিত বর্ষৰ নৱেম্বৰ পর্যন্ত ১৮৭ সংঘর্ষৰ ঘটনা উত্তৰ–পূবত

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ: সন্ত্রাসজর্জৰ উত্তৰ–পূর্বাঞ্চলত সুৰক্ষা বাহিনী আৰু উগ্রবাদীৰ মাজত সংঘটিত সংঘর্ষত প্রাণ হেৰুৱাইছে বহুসংখ্যক নিৰীহ লোকেও৷ অঞ্চলটোৰ আন ৰাজ্যসমূহৰ লগতে অসমতো সুৰক্ষা বাহিনী আৰু উগ্রবাদী সংগঠনৰ মাজত সংঘটিত সংঘর্ষত প্রতিবছৰে নিহত হৈছে সাধাৰণ নাগৰিক৷ বিগত ৫ বছৰত ৰাজ্যত এনে সংঘর্ষত প্রাণ হেৰুৱাইছে মুঠ ৫৫জন লোকে৷ এই তথ্য প্রকাশ কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷

শেহতীয়াকৈ লোকসভাৰ মজিয়াত এটা প্রশ্ণৰ উত্তৰত কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে প্রকাশ কৰে যে ২০১৬ বর্ষৰ পৰা অসমত সুৰক্ষা বাহিনী–উগ্রবাদীৰ মাজৰ সংঘর্ষত ৫৫জন লোকৰ মৃত্যু ঘটিছে৷ তথ্য অনুসৰি ২০১৫ বর্ষত ২৯জন, ২০১৭ বর্ষত ৬জন, ২০১৮ বর্ষত ৭জন, ২০২০ বর্ষত দুজন আৰু চলিত বর্ষৰ ১৫ নৱেম্বৰ পর্যন্ত ১১জন সাধাৰণ নাগৰিকৰ মৃত্যু ঘটিছে৷ একে সময়ছোৱাত নিহত হোৱা সুৰক্ষা কর্মীৰ সংখ্যা হৈছে মাত্র ৮জন৷ ২০১৬ বর্ষত ৪জন, ২০১৭ বর্ষত ৩জন, ২০১৮ বর্ষত এজন আৰু ২০২০ বর্ষত ২জন সুৰক্ষা বাহিনীৰ লোকৰ মৃত্যু ঘটিছে সংঘর্ষত৷ সেইদৰে ২০১৬ বর্ষৰ পৰা বিগত ১৫ নৱেম্বৰলৈ সুৰক্ষা বাহিনী আৰু উগ্রবাদীৰ সংঘর্ষত প্রাণহানি হৈছে ৯০জন সন্ত্রাসবাদী সদস্যৰ৷

সদনৰ মজিয়াত কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রীজনে প্রকাশ কৰা তথ্য অনুসৰি ২০১৬ বর্ষত ৫১জন, ২০১৭ বর্ষত ১৬জন, ২০১৮ বর্ষত ৫জন, ২০২০ বর্ষত ৫জন আৰু চলিত বর্ষৰ ১৫ নৱেম্বৰ পর্যন্ত ১৩জন উগ্রবাদী সদস্যৰ মৃত্যু ঘটিছে৷ ইপিনে একেটা প্রশ্ণৰ উত্তৰত তেওঁ সদনক সদৰী কৰে যে উত্তৰ–পূর্বাঞ্চলত চলিত বর্ষত যোৱা ১৫ নৱেম্বৰ পর্যন্ত ১৮৭টা সন্ত্রাসবাদমূলক ঘটনা সংঘটিত হৈছে৷ তদুপৰি ২০১৪ বর্ষত ৮২৪টা, ২০১৫ বর্ষত ৫৭৪টা, ২০১৬ বর্ষত ৪৮৪টা, ২০১৭ বর্ষত ৩০৮টা, ২০১৮ বর্ষত ২৫২টা, ২০১৯ বর্ষত ২২৩টা আৰু ২০২০ বর্ষত ১৫৩টা উগ্রবাদজনিত ঘটনা সংঘটিত হৈছে৷

উল্লেখ্য যে সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন বলৱৎ হৈ থকাৰ সুযোগ লৈ উত্তৰ–পূর্বাঞ্চলত সেনাবাহিনী বহু সময়ত সঠিক তথ্য নোহোৱাকৈ সাধাৰণ নাগৰিকক উগ্রবাদীৰ সন্দেহত নির্যাতন চলোৱাৰ বহু অভিযোগ উত্থাপন হৈ আহিছে৷ ইয়াৰ শেহতীয়া উদাহৰণ হৈছে নাগালেণ্ডৰ মন জিলাত সংঘটিত ঘটনা৷ কয়লা খনিত কাম কৰি অহা শ্রমিকক উগ্রপন্থী বুলি সন্দেহ কৰি কালি সন্ধিয়া অসম ৰাইফলছৰ জোৱানে চলোৱা আক্রমণত ১৩জন নিৰীহ লোকৰ মৃত্যু ঘটিছে৷ যাক লৈ সমগ্র জিলাখনতে অগ্ণিগর্ভ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নাগালেণ্ডত ২০১৭ বর্ষত ৩জন, ২০১৮ বর্ষত ৩জন আৰু ২০১৯ বর্ষত এজন লোকৰ সংঘর্ষত মৃত্যু ঘটিছে৷

You might also like