নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভঙাগড় আৰক্ষীৰ জালত স্বাস্থ্য কর্মী গণেশ

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ মেডিকেল ৰেফাৰেল ব’ডৰ প্রমাণ–পত্র জালিয়াতি কৰি আৰক্ষীৰ জালত পৰিল এজন স্বাস্থ্যকর্মী৷ গুৱাহাটীৰ ষ্টেট ডিছপেন্সাৰীৰ পৰা গ্রেপ্তাৰ কৰা কর্মচাৰীজন হৈছে গণেশ কলিতা৷ ধৃত কলিতাই জি এম চি এইচৰ ভুৱা ৰেফাৰেল পত্র তৈয়াৰ কৰাত সহায় কৰি আহিছিল৷ ধৃত কর্মচাৰী জনক আৰক্ষীয়ে আদালতত হাজিৰ কৰায়৷ আদালতে ধৃত কর্মচাৰীজনক জে’ল হাজোতলৈ প্রেৰণ কৰে৷

উল্লেখ্য যে এ পি ডি চি এল, প্রাথমিক শিক্ষা আৰু বিত্ত বিভাগৰ বহু বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে জি এম চি এইচৰ কর্তৃপক্ষই ভঙাগড থানাত গোচৰ ৰুজু কৰিছিল৷ ৰির্ম্বাচমেণ্টৰ নামত এই তিনিটা বিভাগৰ বহুকেইগৰাকী বিষয়া– কর্মচাৰীয়ে নথি–পত্রৰ জালিয়াতি কৰিছিল৷ ৰির্ম্বাচমেণ্টৰ টকাৰ নামত জালিয়াতি কৰা ৩৯ গৰাকীৰ বিৰুদ্ধে জি এম চি এইচৰ কর্তৃপক্ষই গোচৰ ৰুজু কৰা ৩৬ গৰাকী এ পি ডি চি এলৰ, ২ গৰাকী প্রাথমিক শিক্ষা বিভাগৰ আৰু ১গৰাকী বিত্ত বিভাগৰ৷ অভিযুক্ত কর্মচাৰীয়ে কোনোধৰণৰ ৰেফাৰেল নোহোৱাকৈয়ে এইসকলে বিভিন্ন সময়ত চিকিৎসা কৰাইছিল ৰাজ্যৰ বাহিৰৰ, ভিতৰৰ কেইবাখনো নামী–দামী হাস্পতালত৷ চিকিৎসা সম্পূর্ণ হোৱাৰ পিছত এইকেইজন বিষয়া কর্মচাৰীয়ে ৰির্ম্বাচমেণ্টৰ টকা লাভ কৰিবৰ বাবে নিজৰ বিভাগত দাখিল কৰিছিল এক্স পোষ্ট ফেক্ট এপ্রভেল৷ কিন্তু এই এক্স পোষ্ট ফেক্ট এপ্রভেলৰ নামতেই এইসকল চৰকাৰী বিষয়া–কর্মচাৰীয়ে সংঘটিত কৰি আহিছে নথিপত্রৰ জালিয়াতি৷

ভুৱা চহী, ভুৱা নম্বৰেৰে এক্স পোষ্ট ফেক্ট এপ্রভেল দাখিল কৰিছিল নিজৰ বিভাগৰ ওচৰত৷ কিন্তু ইয়াত বিভাগৰ সন্দেহ ওপজাত এই এপ্রভেলসমূহ প্রেৰণ কৰিছিল জিএমচিএইচত থকা ষ্টেট লেভেল ৰেফাৰেল ব’ড লৈ৷ জিএমচিএইচৰ ব’ডে ফাদিল কৰিলে এইসকল চৰকাৰী কর্মচাৰীৰ ভয়ংকৰ দুর্নীতি৷ এইসকল চৰকাৰী কর্মচাৰীয়ে জি এম চি এইচৰ অধ্যক্ষ, অধীক্ষক, ব’ডৰ বহু বিষয়াৰ চহী জালিয়াতি কৰি দাখিল কৰিছিল ভুৱা এপ্রভেল৷ পিছত জিএমচিএইচ কর্তৃপক্ষই এই এপ্রভেলসমূহ ভুৱা বুলি প্রমাণ কৰে আৰু নিজাববীয়াকৈ এ পি ডি চি এল, প্রাথমিক শিক্ষা আৰু বিত্ত বিভাগৰ মুঠ ৩৯ জন এনে বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷

You might also like