নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভালুকৰ সাঙীত পৰিণত গুৱাহাটীৰ বায়’ টয়লেট

নিয়মীয়া বার্তা, ১ জুনঃ মহানগৰীত ভেঁকোভাওনা হৈ পৰিছে স্মার্ট চিটী প্রকল্প৷ স্মার্ট চিটী প্রকল্পৰ অধীনত ৰাজকোষৰ ধন ব্যয় কৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন প্রান্তত নির্মাণ কৰা বায়’ টয়লেট সম্প্রতি বিকল হৈ পৰা পৰিলক্ষিত হৈছে৷ ৰাজকোষৰ প্রায় ৫.০৩ টকা ব্যয় কৰি মহানগৰীৰ মালিগাঁও, উলুবাৰী, জু–ৰোড তিনিআলি, পাণবজাৰ, খানাপাৰা, গণেশগুৰি আদি অঞ্চলত নির্মাণ কৰা ৩০টাকৈ বায়’ টয়লেট দীর্ঘদিন ধৰি বিকল হৈ আছে যদিও এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

নির্মাণৰ কিছুদিন পাছতে পর্যায়ক্রমে বিকল হৈ পৰা বায়’ টয়লেটসমূহ ব্যৱহাৰৰ অনুপযোগী হোৱা হেতুকে গুৱাহাটী পৌৰ নিগমে উঠাই আনি উলুবাৰীস্থিত জিএমচিৰ কার্যালয়ৰ সন্মুখত দ’মাই থোৱা দেখা গৈছে৷ উল্লেখ্য যে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই স্মার্ট চিটী প্রকল্পৰ অধীনত গুৱাহাটী মহানগৰীত এই বায়’ টয়লেটসমূহ আনুষ্ঠানিকভাৱে মুকলি কৰি ইয়াৰ দ্বাৰা জনসাধাৰণ বিশেষভাৱে উপকৃত হ’ব বুলি মতামত ব্যক্ত কৰিছিল৷ কিন্তু নির্মাণৰ ৬–৭ মাহ পাছতে কোটি টকীয়া বায়’ টয়লেট বিকল হৈ পৰা পৰিলক্ষিত হয়৷

উল্লেখ্য যে ২০১৮ চনৰ ২০ ছেপ্ঢেম্বৰত মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই বায়’ টয়লেটৰ লগতে মহানগৰীৰ বিভিন্ন প্রান্তত ৱাটাৰ এটিএম আনুষ্ঠানিকভাৱে মুকলি কৰিছিল৷ এই বায়’ টয়লেটসমূহ মুকলি কৰি মন্ত্রীগৰাকীয়ে ইয়াৰ দ্বাৰা ৰাজপথত চলাচল কৰা লোকসকল বিশেষভাৱে উপকৃত হ’ব বুলি মন্তব্য কৰিছিল৷ কিন্তু স্মার্ট চিটী প্রকল্পৰ অধীনত নির্মিত এই বায়’ টয়লেটসমূহ সম্প্রতি আৱর্জনাৰ দ’মত পৰিণত হোৱা পৰিলক্ষিত হৈছে৷

আনহাতে, মহানগৰীত স্থাপন কৰা ৱাটাৰ এটিএমসমূহৰ অধিকাংশই বিকল হৈ থকা বুলি জানিব পৰা গৈছে৷ বিশুদ্ধ খোৱাপানী যোগানৰ বাবে স্থাপন কৰা ৱাটাৰ এটিএমসমূহৰ পৰা সম্প্রতি এটোপালো পানী ওলোৱা নাই বুলি একাংশই অভিযোগ কৰিছে৷

You might also like