নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ খহনীয়াৰ কবলত কাছমাৰী ঘাট–তাঁতীমাৰা গাঁও

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ লুইতৰ গৰাখহনীয়াই শেহতীয়াকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহানগৰীৰ কাছমাৰী ঘাট আৰু চন্দ্রপুৰত৷ প্রৱল খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে মাছখোৱাৰ কাছমাৰী ঘাটলৈ৷ জাপানৰ প্রধানমন্ত্রীৰ আগমণক লৈ আটকধুনীয়াকৈ সজাই তোলা কাছমাৰী ঘাট খহনীয়াৰ কবলত পৰাত পকীৰ ষ্টেপ যিকোনো মুহূর্ততে খহি পৰাৰ সম্ভাৱনা প্রৱল হৈ উঠিছে৷ ইফালে, লুইতৰ খহনীয়াই চন্দ্রপুৰৰ তাঁতীমাৰা ৰাজহ গাঁওখনলৈয়ো তীব্র ভাবুকি কঢ়িয়াই আনিছে৷ উল্লেখ্য যে এই গাঁওখনৰ দাঁতিৰে বৈ গৈছে মহাবাহু ব্রহ্মপুত্র৷ দক্ষিণ কামৰূপৰ বিভিন্ন স্থানত গৰাখহনীয়াৰ কবলত পৰা ভালেসংখ্যক পৰিয়ালক তদানীন্তন চৰকাৰে এই স্থানত বসতিৰ সুবিধা কৰি দিছিল৷ লুইতৰ পাৰৰ পলসুৱা ভূমিত কৃষিকর্ম কৰি জীৱিকা নির্বাহ কৰি আহিছে এই গাঁৱৰ বাসিন্দাসকল৷ কিন্তু বিগত কেইবাবছৰত অঞ্চলটোৰ কেইবাহাজাৰ বিঘা কৃষিভূমি নদীখনৰ বুকুত উছন যোৱাৰ পিছত কিছুদিন থমকি আছিল যদিও শেহতীয়াকৈ পুনৰ তীব্র খহনীয়া আৰম্ভ হৈছে অঞ্চলটোত৷ স্থানীয় ৰাইজে জানিব দিয়া মতে তাঁতীমাৰা গাঁৱৰ দাঁতি অংশত যোৱা কেইদিনত বহু অংশ ভূমি খহনীয়াৰ কবলত পৰিছে৷ প্রত্যক্ষ কৰা অনুসৰি যোৱা কেইটামান দিনত খহনীয়াৰ প্রাবল্য কিছু লেহেম হোৱা দেখা গৈছে যদিও দহ–পোন্ধৰ ফুটপর্যন্ত ঠাই সামৰি বৃহৎ বৃহৎ ফাট মেলিছে৷ আনকি ইতিমধ্যে কেইবাডাল প্রকাণ্ড প্রকাণ্ড গছ নদীৰ বুকুত জাহ যোৱাৰ উপৰি কেইবাশ বিঘা কৃষিভূমি সোমাই পৰিছে নদীৰ বুকুত৷ যোৱা দুটা মাহত তাঁতীমাৰা গাঁৱৰ পৰা হাজোবড়ি গাঁওপর্যন্ত প্রায় তিনি কিলোমিটাৰ নৈপৰীয়া অংশত এহেজাৰ একৰতকৈ অধিক কৃষিভূমি নদীৰ বুকুত জাহ গৈছে৷ তাতোকৈ ভয়াৱহ কথাটো হৈছে তাঁতীমাৰা গাঁৱৰ নিচেই কাষ চপিছে এই খহনীয়া৷ তপোবন নামৰ বনভোজস্থলী ইতিমধ্যে ৯০ শতাংশ খহাই নিয়াৰ পিছত শ্বহীদ জিতেন কলিতা প্রাথমিক বিদ্যালয় আৰু জলসিঞ্চন বিভাগে নির্মাণ কৰা মথাউৰি পাবলৈ প্রায় এশ ফুটহে বাকী আছে৷ আনহাতে গাঁওখনৰ সীমাত থকা মথাউৰিটোৰ পৰা ঠাইবিশেষে এশৰ পৰা দুশ ফুট দূৰত্বত নদীখনে অৱস্থান কৰাৰ প্রতি লক্ষ্য কৰি আৰু খহনীয়াৰ প্রবলতা দেখি কম দিনৰ ভিতৰত গাঁওখনৰ বসতি এলেকাত প্রৱেশ কৰিব বুলি ধাৰণা কৰিছে৷ ফলত কৃষিভূমিৰ পিছত বাসগৃহটিও লুইতৰ কবলত পৰাৰ আশংকাত ভুগিছে তাঁতীমৰাবাসী৷ ইয়াৰ পূর্বে সংশ্লিষ্ট বিভাগ তথা চৰকাৰৰ তৰফৰ পৰা গাঁওখন ৰক্ষাৰ ক্ষেত্রত ব্যৱস্থা গ্রহণৰ দাবী জনাইছে অঞ্চলবাসীয়ে৷

You might also like