নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যাহ্ন ভোজন কৰ্মী সন্থাৰ উত্তাল প্ৰতিবাদ

মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰী আলোচনাত বহাৰ দাবী কৰ্মীসকলৰ

মহানগৰীঃ দিছপুৰ ঘেৰাও সহস্ৰাধিক মধ্যাহ্ন ভোজনৰ কৰ্মী সন্থা। মধ্যাহ্ন ভোজনৰ দায়িত্ৱ NGOক দিয়াৰ প্ৰতিবাদত দিছপুৰ ঘেৰাও কাৰ্যসূচী কৰ্মীসকলৰ। মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীয়ে কৰ্মীসন্থাৰ লগত আলোচনাত বহাৰ দাবী কৰ্মীসকলৰ লগতে পূৰ্বৰ ব্যবস্থা বাহাল ৰখাৰ দাবী। কোনো কাৰণতেই NGO-যোগান ধৰা খাদ্য শিক্ষাৰ্থীক খাবলৈ দিয়া নহ’ব বুলি হুংকাৰ ৰান্ধনী সন্থাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা একত্ৰিত হৈছে প্ৰতিবাদীকাৰী মহিলাসকল। মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰি শীঘ্ৰে এই মহিলাসকলৰ সমস্যা সমাধানৰ অনুৰোধ কৰ্মী সন্থাৰ।