নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত অৱসৰপ্ৰাপ্ত অভিযন্তাক নৃশংস হত্যা

ডকাইতে হত্যা কৰি লুটি নিলে সা-সামগ্ৰী

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ মহানগৰীত লোমহৰ্ষক ডকাইতি-হত্যাকাণ্ড। দিছপুৰ আইন মহাবিদ্যালয় পথৰ ২০নং বাসগৃহত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ড। পৰেশ চন্দ্ৰ বৰুৱা নামৰ অৱসৰপ্ৰাপ্ত অভিযন্তা গৰাকীক হত্যা কৰি ডকাইতে লুটিলে ঘৰৰ সা-সামগ্ৰী। ঘটনাৰ সময়ত ঘৰত অকলে আছিল পৰেশ চন্দ্ৰ বৰুৱা। স্থানীয় লোকৰ মতে মঙলবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এই ঘটনা। ডকাইতৰ দলটোৱে বৰুৱাক মূৰত বেয়াকৈ আঘাত কৰি হত্যা কৰে।

                        আনহাতে ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত নাছিল বৰুৱাৰ পত্নী ডাঃ গৰিমা শইকীয়া বৰুৱা। চিকিৎসক পত্নী ঘৰলৈ অহাৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। শোৱনি কোঠাত বিচনা চাদৰেৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।

                         ঘটনাস্থলীত উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। স্নিফাৰ ডগৰ সহায়ত অভিযান চলাইছে আৰক্ষীয়ে। দোষীক কৰায়ত্ত কৰিবলৈ আমি চেষ্টা অব্যাহত ৰাখিছো। ডকাইতৰ দলটো ঘৰত পূৰ্বৰ পৰাই আছিল নে পিছত আহিছিল এই সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে বুলি মন্তব্য কৰে তদন্তকাৰী বিষয়াগৰাকীয়ে।