নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত গ্ৰেপ্তাৰ প্ৰৱঞ্চক, নিবনুৱাৰ পৰা লুটিলে ৪১ লাখ

ৰে'ল বিভাগত চাকৰি দিয়াৰ লুট

নিয়মীয়া বার্তা, ২৯ ডিচেম্বৰঃ ৰে’ল বিভাগত চাকৰি দিয়াৰ প্রলোভনেৰে নিবনুৱা যুৱকৰ পৰা প্রৱঞ্চনাৰে ধন আত্মহত্যা কৰা এজন প্রৱঞ্চকক আজি সাতগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ধৃত প্রৱঞ্চকটো পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰৰ বাসিন্দা উত্তম দে’ (৩৯) বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, ধৃত প্রৱঞ্চকটোৱে ২০১৮ চনৰ ছেপ্ঢেম্বৰ মাহত কোচবিহাৰৰ বৰশিমলু অঞ্চলৰ কেইবাগৰাকী নিবনুৱা যুৱকৰ পৰা প্রায় ৪১ লাখ টকা সংগ্রহ কৰে৷ নিজকে প্রাক্তন কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোহাঁইৰ ঘনিষ্ঠ বুলি পৰিচয় দি নিবনুৱাক ৰে’ল বিভাগত চাকৰি দিয়াৰ প্রলোভনেৰে ধন সংগ্রহ কৰে৷ কিন্তু এবছৰ উকলি যোৱাৰ পাছতো চাকৰি দিব নোৱাৰা বাবে ভুক্তভোগী আব্দুল আজিজে ঘটনা সন্দর্ভত সাতগাঁও থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি) ৪১৯/৪২০/৪০৬ ধৰাত ৩৫৪/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযান চলাই আজি প্রৱঞ্চকটোক পাঞ্জাবাৰীৰ পৰা গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে আৰু পৰৱর্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ অৱশ্যে আব্দুল আজিজৰ পৰা তিনি লাখ আৰু বাকীখিনি ধন একেখন গাঁৱৰ আন কেইবাজনো যুৱকৰ পৰা সংগ্রহ কৰা বুলি জানিব পৰা গৈছে৷