নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত চিপ লোৱা অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ

আৰক্ষীয়ে আটক কৰে এজন যুৱকক

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ পুনৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহানগৰীৰ জালুকবাৰীত। জালুকবাৰীৰ শংকৰদেৱ হাউচিং কমপ্লেক্সত দীৰ্ঘদিনে ভাৰাতীয়া হিচাপে থকা মৌচুমী শইকীয়া চহৰীয়া নামৰ যুবতী ডিজাইনাৰ গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্যৰ। দীৰ্ঘদিনে দীপাংকৰ দাস নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মৌচুমীৰ।স্থানীয় বাসিন্দাৰ মতে শনিবাৰে দুয়োৰে মাজত বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল আৰু তাৰ পৰিণতিতেই মৌচুমীয়ে আত্মহত্যা কৰাৰ কথা ব্যক্ত কৰে। ইতিমধ্যে আৰক্ষীয়ে দীপাংকৰ দাস নামৰ যুৱকজনক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে।