নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত দিন ডকাইতি

ডকাইতে লুটিলে প্ৰায় ৯ লাখ টকা

গুৱাহাটীঃ মহানগৰীৰ তেতেলীয়াত দিন ডকাইতিৰ ঘটনা। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংঘটিত হৈছে এই ঘটনা। বাইকত অহা ডকাইতে লুটিলে প্ৰায় ৯ লাখ টকা
এটা পে’ট্ৰল পাম্পৰ কৰ্মচাৰীয়ে বেংকত জমা থ’বলৈ গৈছিল ধনখিনি। ডকাইতৰ আক্ৰমণত আহত শংকৰ নামৰ এজন কৰ্মচাৰী। চিচি টিভি কেমেৰাত বন্দী হৈছে ডকাইতিৰ সমগ্ৰ ঘটনা। ইতিমধ্য়ে ঘটনাসন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্য়াহত ৰাখিছে।