নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত শিক্ষামিত্ৰ সন্থাৰ প্ৰতিবাদ

শীঘ্ৰে নিয়োগৰ সুবিধা দিয়াৰ দাবী

মহানগৰীঃশিক্ষা বিভাগৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। মধ্যাহ্ন ভোজনক কৰ্মীকে ধৰি আজি প্ৰতিবাদ সাব্যস্ত কৰে সংযোগী শিক্ষা মিত্ৰ সন্থাই। মহানগৰীৰ কাহিলীপাৰাত সৰ্বশিক্ষা মিছনৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্য়স্ত কৰে। শিক্ষামিত্ৰ সকলৰ বাবে বিশেষ টেট পতাৰ লিখিত প্ৰতিশ্ৰুতি দিছিল শিক্ষা বিভাগে। কিন্তু শিক্ষা বিভাগে দীৰ্ঘদিনে এই প্ৰতিশ্ৰুতি পূৰণ নকৰাত আজি ক্ষুৱ্ধ হৈ প্ৰতিবাদ কৰে শিক্ষামিত্ৰ সকলে। শীঘ্ৰে বিশেষ টেট পাতি চাকৰিত যোগদানৰ সুবিধা দিয়াৰ দাবী প্ৰতিবাদকাৰীৰ। প্ৰতিবাদস্থলীত আৰক্ষীৰে হতাহতিত লিপ্ত হয় শিক্ষা মিত্ৰ সন্থাৰ কৰ্মীসকল।