নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰৰ ১০ শিক্ষানুষ্ঠানত ফিট ইণ্ডিয়া স্কুল সপ্তাহ আৰম্ভ

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ কামৰূপ মহানগৰ জিলাৰ ১০খন নির্বাচিত শিক্ষানুষ্ঠানত বৃহস্পতিবাৰৰ পৰা অহা ৭ জানুৱাৰীলৈ ফিট ইণ্ডিয়া স্কুল সপ্তাহ পালন কৰিবলৈ লোৱা হৈছে৷ শিক্ষানুষ্ঠানকেইখন হ’ল– ৰাজধৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শ্যামভূমি উচ্চ মাধ্যমিক বিদ্যালয়, ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়, দক্ষিণ বেতলতা উচ্চ মাধ্যমিক বিদ্যালয়, গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়, উজানবজাৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়, কামৰূপ অকাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চন্দ্রপুৰ উচ্চ মাধ্যমিক বিদ্যালয়৷ অহা ১০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া খেলো ইণ্ডিয়া য়ুথ গেম্ছৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰৰ নির্দেশ অনুসৰি কামৰূপ মহানগৰ জিলা প্রশাসনে এই কার্যসূচী গ্রহণ কৰিছে৷ নির্বাচিত বিদ্যালয় তথা শিক্ষানুষ্ঠানকেইখনত্ কেনেদৰে এই কার্যসূচী পালন কৰা হ’ব সেই বিষয়ে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত আজি সংশ্লিষ্ট শিক্ষানুষ্ঠানকেইখনৰ্ অধ্যক্ষ–ধ্যক্ষাসকল্ উপস্থিতিত অনুষ্ঠিত এখন সভাত ফিট ইণ্ডিয়া স্কুল সপ্তাহৰ প্রতিটো দিনৰ কার্যসূচীৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়৷ এই কার্যসূচীৰ অংশ হিচাপে অহা ৫ জানুৱাৰীত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ পৰা ছাত্র–ছাত্রীৰ এক সজাগতামূলক পদযাত্রা উলিওৱাৰ বাবেও বৃহস্পতিবাৰ সভাত সিদ্ধান্ত লোৱা হয়৷ সভাত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শক বুলি গগৈ ভূঞা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গণেশ শইকীয়া, জিলা ক্রীড়া বিষয়া ছার্থে তেৰাং আদিকে ধৰি জিলা প্রশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছিল৷

You might also like