নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ মহানগৰীত চলি আছে চোৰাং ইন্ধনৰ বেহা৷ ভাৰতীয় তৈল নিগমৰ কাৰখানাৰ পৰা ইন্ধন ভর্তি কৰি ওলাই অহা একাংশ টেংকাৰৰ চালকে গোপনে গেৰেজত ইন্ধন বিক্রী কৰি তৈল নিগম কর্তৃপক্ষক ৰামঠগন দি আহিছে৷ একাংশ টেংকাৰৰ অসাধু চালকে চোৰাং তেলৰ বেহা চলাই আছে যদিও আই’চিএল কর্তৃপক্ষই এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ কালি গড়চুক আৰক্ষীয়ে অভিযান চলাই মহানগৰীৰ বেটকুছিৰ পৰা চোৰাংভাৱে ইন্ধন বিক্রী কৰি থকা অৱস্থাত এখন তেলৰ টেংকাৰ জব্দ কৰাৰ লগতে ৪জন তেল চোৰক গ্রেপ্তাৰ কৰে৷ ধৃত তেল চোৰকেইটা ক্রমে মহেন্দ্র প্রসাদ মাহাতো, ৰাম উদয় মাহাতো, মিলন বড়ো আৰু কুমুদ দাস বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে অভিযান কালত এএছ–০১ এইচচি ৭৮৫৬ নম্বৰৰ এখন তেলৰ টেংকাৰ জব্দ কৰাৰ লগতে ২১০ লিটাৰ চোৰাং পেট্র’ল জব্দ কৰে৷ গড়চুক আৰক্ষীৰ এক সূত্রই জানিবলৈ দিয়া মতে, বেটকুছিৰ তেলৰ টার্মিনেলৰ পৰা পেট্র’লভর্তি টেংকাৰখন মেঘালয়লৈ গৈ থকা অৱস্থাতে লালুং গাঁৱৰ ৰাজলক্ষ্মী গেৰেজত প্রৱেশ কৰি গেলনত তেল ‘আনলোড’ কৰি আছিল৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি তেল আনলোড কৰি থকা অৱস্থাত চালক আৰু গেৰেজৰ গৰাকীসহ চাৰিজন তেল চোৰক গ্রেপ্তাৰ কৰে৷ তদুপৰি আৰক্ষীয়ে ৰাজলক্ষ্মী গেৰেজৰ পৰা কেইবাটাও তেলৰ গেলন জব্দ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে গড়চুক থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে কেইবাদিন ধৰি বেটকুছিৰ তেল টার্মিনেলৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন প্রান্তলৈ সৰবৰাহ কৰা টেংকাৰসমূহত চালকে অবৈধভাৱে মহানগৰীৰ একাংশ গেৰেজ আৰু অন্যান্য প্রতিষ্ঠানক তেল যোগান ধৰি আহিছে৷ পূর্বেও চোৰাংভাৱে তেল বিক্রী কৰাৰ অভিযোগ উত্থাপিত হৈছিল যদিও ভাৰতীয় তৈল নিগম কর্তৃপক্ষৰ গাফিলতিৰ বাবেই তেল চুৰি চক্রক উৎখাত কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য যে বেটকুছিৰ আই’চিএলৰ টার্মিনেলৰ পৰা নিতৌ উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন প্রান্তলৈ শ শ টেংকাৰেৰে ইন্ধন সৰবৰাহ কৰা হয়৷ বহিঃৰাজ্যৰ একাংশ চালকে টেংকাৰৰ পৰা তেল চুৰ কৰি মুকলিকৈ গেৰেজসমূহত যোগান ধৰি আহিছে যদিও এইক্ষেত্রত বিশেষকৈ তৈল নিগম কর্তৃপক্ষই চোৰাং তেল চুৰি চক্রক উৎখাত কৰিবলৈ সক্ষম হোৱা নাই৷ ঘটনা সন্দর্ভত পৰৱর্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি গড়চুক আৰক্ষীৰ এক সূত্রই সদৰী কৰে৷