নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ পাণবজাৰৰ পার্কিঙত অসামাজিক কার্যকলাপ

মেৰামতিৰ অভাৱত জহি–খহি গৈছে জিএমডিএৰ আণ্ডাৰগ্রাউণ্ড পার্কিং

নিয়মীয়া বার্তা, ২৯ ডিচেম্বৰঃ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰী (জিএমডিএ) কর্তৃপক্ষৰ অৱহেলাৰ বাবে পাণবজাৰস্থিত ফুডভিলাৰ তলত থকা কাৰ পার্কিং জহি–খহি যোৱাৰ উপক্রম ঘটিছে৷ জিএমডিএ কর্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবেই আটকধুনীয়াকৈ নির্মাণ কৰা পাণবজাৰৰ কাৰ পার্কিং এতিয়া অসামাজিক কার্যকলাপৰ ঘাটিত পৰিণত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ পাণবজাৰৰ জিএমডিএ পার্কিঙৰ পৰা মাত্র কেইমিটাৰমানৰ ব্যৱধানতে আছে কটন বিশ্ববিদ্যালয়, সন্দিকৈ কলেজ, নেহৰু পার্ক, উপায়ুক্তৰ কার্যালয়, কামৰূপ ন্যায়িক দণ্ডাধীশৰ আদালত, গুৱাহাটী উচ্চ ন্যায়ালয়কে ধৰি আৰু বহুকেইটা গুৰুত্বপূর্ণ চৰকাৰী–বেচৰকাৰী কার্যালয়৷ সদাব্যস্ত পাণবজাৰ অঞ্চলত থকা জিএমডিএৰ পার্কিঙত কাৰ–বাইক ৰখাই চৰকাৰী–বেচৰকাৰী কার্যালয়লৈ অহা–যোৱা কৰে লোকসকলে৷ পাণবজাৰৰ পার্কিঙৰ পৰা জিএমডিএ কর্তৃপক্ষই প্রতিমাহে এক লাখৰো অধিক টকাৰ কৰ সংগ্রহ কৰে৷ কিন্তু জিএমডিএৰ একাংশ অসাধু বিষয়া–কর্মচাৰীয়ে পাণবজাৰৰ পার্কিঙৰ পৰা সংগৃহীত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে৷

                                অভিযোগ অনুসৰি, কেইজনমান বিষয়া–কর্মচাৰীয়ে জিএমডিএৰ এজন কর্মচাৰীক পার্কিঙৰ ধন সংগ্রহৰ কামত নিয়োজিত কৰিছে৷ এই কর্মচাৰীজনে পার্কিঙৰ নামত প্রতিখন চাৰিচকীয়া বাহনৰ পৰা ২০ টকা আৰু দুচকীয়া বাহনৰ পৰা ১০ টকাকৈ সংগ্রহ কৰি আহিছে৷ প্রতিদিনে ৪ৰ পৰা ৫ হাজাৰ টকা এই পার্কিংটোৰ পৰা কর্মচাৰীজনে সংগ্রহ কৰে৷ কিন্তু এই সংগৃহীত ধনৰাশি নামমাত্রহে জিএমডিএ কর্তৃপক্ষই লাভ কৰি আহিছে৷ জিএমডিএ কর্তৃপক্ষৰ অৱহেলাৰ বাবে এতিয়া পাকিঙত একাংশ যুৱক–যুৱতীয়ে সুৰা সেৱন কৰাৰ লগতে বিভিন্ন অসামাজিক কার্যকলাপ সংঘটিত কৰি অহা বুলি একাংশ লোকে অভিযোগ কৰিছে৷ জিএমডিএ কর্তৃপক্ষৰ হেমাহিৰ বাবেই পার্কিটোৰ লোৰ ৰেলিং ভাগি যোৱাৰ লগতে পার্কিঙৰ ভিতৰত পানী জমা হৈ অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ পার্কিঙৰ নলাত সুৰাৰ বটল, চিপছৰ পেকেটকে ধৰি বিভিন্ন আৱর্জনা জমা হৈ থকাৰ ফলত বাৰিষাৰ সময়ছোৱাত পানীৰ মাজেৰে অহা–যোৱা কৰাৰ লগতে বাহনসমূহ পার্কিং কৰিবলগীয়া হয়৷ দীর্ঘদিন ধৰি এই পার্কিংটো মেৰামতি নকৰাৰ ফলত জহি–খহি যোৱাৰ উপক্রম ঘটিছে যদিও জিএমডিএ কর্তৃপক্ষই পার্কিংটো মেৰামতি কৰাৰ বাবে কোনো আঁচনি গ্রহণ কৰা নাই।