নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ শান্তিপুৰত গ্রেপ্তাৰ কিশোৰী নির্যাতনকাৰী

কিশোৰী নির্যাতনকাৰী গ্ৰেপ্তাৰ

নিয়মীয়া বার্তা, ২৯ ডিচেম্বৰঃ মহানগৰীৰ শান্তিপুৰত এগৰাকী কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগত নিৰঞ্জন কলিতা নামৰ এজন লোকক ভৰলুমখ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, কালি শান্তিপুৰৰ গোৱেংকা নার্ছিং হোমৰ সমীপত থকা এটা বাসগৃহত কোনো নথকাৰ সুযোগ লৈ লম্পট কলিতাই কিশোৰীগৰাকীক নিজৰ ৰুমলৈ মাতি নি আতিশয্য চলায়৷ কিশোৰীগৰাকীয়ে কৌশলেৰে ৰুমৰ পৰা ওলাই আহি পাছত ঘটনা সন্দর্ভত অভিভাৱকক অৱগত কৰে৷ কিশোৰীগৰাকীৰ অভিভাৱকে এই সন্দর্ভত ভৰলুমুখ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি লম্পট কলিতাক গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে পূর্বেও একেটা চৌহদতে ভাৰাত থকা আন এটি শিশুক লম্পট কলিতাই যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷