নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ সমীপৰ বোন্দাত ৰে’ল ক্ৰছিঙৰে বিপদসংকুল যাত্ৰা

লেভেল ক্ৰছিং স্থাপনৰ দাবী

 নিয়মীয়া বার্তা, ২৯ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ পার্শ্বৱর্তী বোন্দাত উন্মুক্ত লেভেল ক্রছিঙৰ মাজেৰে অতি বিপজ্জনকভাৱে বছৰ বছৰ ধৰি অহা–যোৱা কৰি আছে অঞ্চলটোৰ দহ সহস্রাধিক লোক৷ আশ্চর্যজনকভাৱে উক্ত স্থানত এটা লেভেল ক্রছিং স্থাপনৰ বাবে বাৰম্বাৰ দাবী জনোৱাৰ পাছতো ব্যৱস্থা গ্রহণ কৰা নাই সংশ্লিষ্ট বিভাগে৷ ফলত অতি বিপদসংকুলভাৱে মৰণত শৰণ দি যাতায়াত কৰি আহিছে অঞ্চলবাসীয়ে৷ উল্লেখ্য যে নাৰেংগী–চন্দ্রপুৰ মূল গড়কাপ্ঢানী পথৰ পৰা চপাইদাং সংযোগ কৰি প্রায় ৭ কিলোমিটাৰ দৈর্ঘৰ বোন্দা–চপাইদাং পথ নামেৰে এটা পথ আছে৷ যিটো পথেৰে ধূপগুৰি, ঘুলিগাঁও, ৰামচিং চাপৰি, চপাইদাং, ৰাজাবাৰী, বোন্দা আদি কেইবাটাও অঞ্চলৰ সহস্রাধিক লোকে অহা–যোৱা কৰে৷ এই ব্যস্ত পথটোৰ মাজেৰে পাৰ হৈ গৈছে দ্বৈত ৰে’ললাইন৷ সদাব্যস্ত পথটোৰ মাজেৰে দ্বৈত ৰে’ললাইন পাৰ হৈ গৈছে যদিও তাত কোনো ধৰণৰ লেভেল ক্রছিঙৰ ব্যৱস্থা কৰা নাই ৰে’ল বিভাগে৷ ইয়াৰ বিপৰীতে পকী খুঁটা পুতি পথটো একপ্রকাৰ বন্ধ কৰি থৈছে৷ অৱশ্যে তাৰ মাজতে দুচকীয়া আৰু সৰু চাৰিচকীয়া বাহন চলাচল কৰিব পৰাকৈ নিজাববীয়াকৈ ব্যৱস্থা কৰি লৈছে স্থানীয় ৰাইজে৷ সেয়া অতি বিপজ্জনক৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে বিগত সময়ছোৱাত এই উন্মুক্ত লেভেল ক্রছিঙৰ মাজেৰে পাৰ হ’বলৈ লওঁতে কেইবাজনো লোক ৰে’লৰ খুন্দাত হতাহত হৈছে৷ বিশেষকৈ শীতকালত ঘন কুঁৱলীৰ সময়ত এই ক্রছিংটো পাৰ হোৱাটো অধিক বিপজ্জনক বুলি প্রকাশ কৰিছে স্থানীয় ৰাইজে৷ ৰে’ল বিভাগক এই বিপজ্জনক উন্মুক্ত ৰে’ল ক্রছিংটোত ফ্লাই অভাৰ নহ’লেও লেভেল ক্রছিং এটা দিবৰ বাবে অঞ্চলবাসীয়ে বহুবাৰ স্মাৰক–পত্র দিছে৷ শেহতীয়াকৈ উক্ত স্থানত লেভেল ক্রছিং স্থাপনৰ বাবে পুনৰ সজোৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে৷