নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ ৮২টা স্থানত পাচলি বিক্ৰীৰ সিদ্ধান্ত

গ্ৰাহকে ৮ এপ্ৰিলৰ পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ ক্ৰয় কৰিব পাৰিব

নিয়মীয়া বাৰ্তা ৭ এপ্ৰিলঃকামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত লকডাউন অব্যাহত থকা অৱস্থাত মহানগৰীত শাক-পাচলিৰ বিক্ৰী তথা যোগানৰ বিষয়টো সন্দৰ্ভত জিলা প্ৰশাসন, আৰক্ষী তথা  খাদ্য-অসামৰিক যোগান, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বিতংভাৱে আলোচনা কৰে। সভাত পামহি বজাৰ শাক-পাচলি ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিও উপস্থিত থাকে। লকডাউন অব্যাহত থকা অৱস্থাত মহানগৰবসীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সভাখনত জিলা প্ৰশাসনে মহানগৰীৰ ৮২টা স্থানত শাক-পাচলি বিক্ৰীৰ বাবে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয়। কামৰূপ মহানগৰ জিলাৰ খাদ্য অসামৰিক যোগান বিভাগৰ উদ্যোগত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে মহানগৰীৰ ৮২ টা স্থানত
ভ্ৰাম্যমাণ শাক-পাচলি বিক্ৰীৰ বাবে ব্য়ৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয়। কামৰূপ মহানগৰ জিলাৰ খাদ্য অসামৰিক যোগান বিভাগৰ উদ্যোগত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে মহানগৰীৰ ৮২ টা স্থানক ভ্ৰাম্যমাণ ভিত্তিত শাক-পাচলি বিক্ৰীৰ ব্যৱস্থা কৰিব। অহা ৮ এপ্ৰিলৰ পৰা গুৱাহাটী
মহানগৰীত শাক-পাচলি বিক্ৰীৰ এই ব্যৱস্থা পুনৰ আৰম্ভ হ’ব। লকডাউন অব্যাহত থকা অৱস্থাত এই স্থানসমূহত শাক-পাচলি বিক্ৰীৰ সময়ো নিৰ্ধাৰণ কৰা হয়। সেই মৰ্মে পুৱা ৯ বজাৰ পৰা দিনৰ দুই বজালৈ এই স্থানসমূহত শাক-পাচলি বিক্ৰীৰ সময়ত বিক্ৰেতা আৰু গ্ৰাহকে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগ তথা চৰকাৰে দিয়া বিধি-বিধান আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা মানি চলিব লাগিব। গ্ৰাহকসকলে সামাজিক দূৰত্ব বজাই ৰাখি নিৰ্ধাৰিত স্থানসমূহক শাক-পাচলি ক্ৰয় কৰিব পাৰিব। শাক-পাচলি ক্ৰয় কৰাৰ সময়তে ৰাইজে বিক্ৰী স্থানত ভিৰ কৰিব নোৱাৰিব।
উল্লেখ্য কামৰূপ মহানগৰ জিলাৰ খাদ্য-অসামৰিক যোগান বিভাগে গুৱাহাটী মহানগৰীৰ ৮২ টা স্থান শাক পাচলি বিক্ৰীৰ বাবে নিৰ্দিষ্ট কৰি এখন জাননী প্ৰকাশ কৰিছে। পৰৱৰ্তী পৰ্যায়ত গ্ৰাহকৰ বৰ্ধিত চাহিদাৰ ওপৰত ভিত্তি কৰি প্ৰশাসনে এনে স্থানৰ সংখ্যা আৰু বৃদ্ধি কৰিব। শাক-পাচলিৰ বিক্ৰেতাসকলক জিলা প্ৰশাসনৰ পৰা পৰিচয় পত্ৰ প্ৰদান কৰা হ’ব আৰু প্ৰশাসনে অনুমোদন জনোৱা বাহনতহে বিক্ৰেতাসকলে মহানগৰীলৈ শাক-পাচলি আনিব পাৰিব বুলি এই সভাত সিদ্ধান্ত লোৱা হয়। সভাত গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত দেৱৰাজ উপাধ্যায়, অতিৰিক্ত
উপায়ুক্ত মনোজ চিকৰীয়া, খাদ্য-অসামৰিক যোগান বিভাগৰ উপ সঞ্চালক প্ৰমোদ শ্যাম, কৃষি সামগ্ৰী বিপণন পৰিষদৰ বিষয়া ধৰণীধৰ দাস আৰু পামহি শাক-পাচলি ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

You might also like